Assam Youth Murdered In Meghalaya :
পুনৰ বহিঃৰাজ্যত হত্যা কৰা হ’ল আৰু এজন অসমৰ যুৱকক । কৰ্মৰ সন্ধানত কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম ওলাই গৈছিল চুবুৰীয়া ৰাজ্য মেঘালয়লৈ ৷
মেঘালয়ৰ ফোৰপাইলাৰ নামৰ ঠাইত অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্রৰে মূৰত উপযুপৰি প্ৰহাৰ কৰি পেলাই থৈ যায় ৰফিকুলক । পাছত স্থানীয় কেইজনমান লোকে মুৰ্মষ অৱস্থাত চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ৰফিকুল ইছলামে ৷
চাঞ্চল্যকৰ ঘটনাটো দুদিনমানৰ পূৰ্বে সংঘটিত হয় যদিও সোমবাৰেহে দুৰ্ভগীয়া যুৱকজনৰ পৰিয়ালৰ লোকে খবৰ পায় ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰফিকুল ইছলামৰ পৰিয়ালৰ লোক মেঘালয়ত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷