Assam Youth Murdered In Meghalaya : মেঘালয়ত নৃশংসভাৱে হত্যা অসমৰ যুৱকক

meghalya murder

Assam Youth Murdered In Meghalaya :

পুনৰ বহিঃৰাজ্যত হত্যা কৰা হ’ল আৰু এজন অসমৰ যুৱকক । কৰ্মৰ সন্ধানত কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম ওলাই গৈছিল চুবুৰীয়া ৰাজ্য মেঘালয়লৈ

মেঘালয়ৰ ফোৰপাইলাৰ নামৰ ঠাইত অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্রৰে মূৰত উপযুপৰি প্ৰহাৰ কৰি পেলাই থৈ যায় ৰফিকুলক । পাছত স্থানীয় কেইজনমান লোকে মুৰ্মষ অৱস্থাত চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ৰফিকুল ইছলামে ৷

চাঞ্চল্যকৰ ঘটনাটো দুদিনমানৰ পূৰ্বে সংঘটিত হয় যদিও সোমবাৰেহে দুৰ্ভগীয়া যুৱকজনৰ পৰিয়ালৰ লোকে খবৰ পায় ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰফিকুল ইছলামৰ পৰিয়ালৰ লোক মেঘালয়ত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে  ৷

Exit mobile version