Jaipur Train Firing : জয়পুৰৰ এক্সপ্ৰেছ ৰে’লত নিৰ্বিচাৰ গুলীচালনা

উদত্ত  আৰ পি এফৰ জোৱানৰ কেইবাজাঁই গুলীচালনাত এএছআই সহ তিনি যাত্ৰীৰ মৃত্যু

rpf JAWAN

Jaipur Train Firing :

জয়পুৰৰ এক্সপ্ৰেছ ৰে’লত সোমবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ এজন আৰ পি এফ জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত হয় এজন সহ:উপ- পৰিদৰ্শক সহ তিনি নিৰীহ যাত্ৰী ৷

প্ৰাপ্ত খৱৰ অনুসৰি, সোমবাৰে পুৱতি নিশা গুজৰাটৰ পৰা মহাৰাষ্ট্ৰলৈ আহি থকা জয়পুৰ এক্সপ্ৰেছৰ চলন্ত ৰে’ল খন পালঘৰ ষ্টেচনৰ সমীপত ৫নং ডবাত সংঘটিত হয় শোকাৱহ ঘটনাটো ৷

গুলীচালনাত কেই‍বাজনো আন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে উদণ্ড আৰ পি এফ জোৱান জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে,পালঘৰ ষ্টেচন পাৰ হোৱাৰ পিছতে উদণ্ড আৰপিএফ কনিষ্টবলে চলন্ত ৰে’লখনত হঠাতে ৰাইফল লৈ গুলীয়াবলৈ ধৰে ৷ ফলত এজন  আৰপিএফৰে এএছআই আৰু আন তিনিজন যাত্ৰী থিতাতে নিহত হয় ৷

ঘটনাটো সংঘটিত কৰি চেতন নামৰ  আৰ পি এফ কনিষ্টবলজন দহিছৰ ষ্টেচনৰ সমীপত ৰে’লৰ পৰা জঁপিয়াই পলায়ন কৰে যদিও মীৰা ৰোডৰ সমীপত ৰে’লৱে আৰক্ষীয়ে মাৰণাস্ত্ৰসহ আটক কৰে । স্মতৰ্ৱ্য যে, ৰে’লখন ৰাজস্থানৰ পৰা মুম্বাই চেন্ট্ৰেললৈ আহি আছিল।

Exit mobile version