Govt Employed Arrested In Bongaigaon:বঙাইগাঁৱৰ জিলা পৰিবহন প্ৰাধিকাৰীৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান

উৎকোচ লৈ হাত দাঙিলে জ্যেষ্ঠ সহায়কে

bongaigaon dto office

Govt Employed Arrested In Bongaigaon:

উৎকোচ লৈ ইতিমধ্যে বহু সংখ্যক চৰকাৰী বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰি হাত দঙাৰ পাছতে যেন শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ ৷

মঙলবাৰে পুনৰ এজন চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিলে বঙাইগাঁৱত ৷ জিলা পৰিবহন বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ এটা দলে অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰীক ৷

উল্লেখ্য যে,আটকাধীন দৈমাৰীয়ে এজন লোকৰ পৰা বাহন প্ৰদূষণ কেন্দ্ৰৰ কম্পিউটাৰ লিংকটো আন ব্লক কৰাৰ বাবদ দাবী কৰে পাঁচ হাজাৰ টকা ৷ সেই অনুসৰি আজি বিচৰা ধৰণে পাঁচ হেজাৰ টকা লোকজনৰ পৰা লওঁতেই হাতেলোটে আটক কৰে দুৰ্নীতি নিৰ্বাৰক শাখাৰ বিষয়াই৷

ইতিমধ্যে আটকাধীন সুভাষ দৈমাৰীক অধিক জেৰাৰ বাবে দুৰ্নীতি নিৰ্বাৰক শাখাৰ গুৱাহাটী কাৰ্যালয়লৈ অনাৰ প্ৰস্তুতি চলাইছে ৷

Exit mobile version