Maharasta Cane Accident:মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা

গাৰ্ডাৰ লঞ্চিং মেচিন ভাঙি থিতাতে মৃত্যু ১৭জনকৈ শ্ৰমিকৰ

cane accident1

Maharasta Cane Accident:

মহাৰাষ্ট্ৰ চৰকাৰে থানে জিলাত অঘটন ৷ জিলাখনত সমৃদ্ধি এক্সপ্ৰেছৱে’ ফেজ–৩ৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত অব্যাহত থকাৰ মাজতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । দিনে–নিশাই ফেজ–৩ৰ কাম চলি থকাৰ মাজতে মঙলবাৰে পুৱতি নিশা মুম্বাইৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ শাহপুৰৰ ছৰলাম্বে গাঁৱৰ সমীপত দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ হোৱা গাৰ্ডাৰ লঞ্চিং মেচিন ভাঙি থিতাতে মৃত্যু হয় ১৭জনকৈ শ্ৰমিক  ক্ৰেন’ আছিল।

শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীতে অভিযানৰ বাবে উপস্থিত হয় হয় এনডিআৰএফৰ টিম ৷                                                                                                                                                                                                                                       এনডিআৰএফৰ এজন বিষয়াই সদৰি কৰা মতে এতিয়াও পাঁচজন লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ৷

ইতিমধ্যে এনডিআৰএফৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে অব্যাহত ৰাখিছে ৷

আনহাতে মৃতদেহ সমূহ মৰনোত্তৰ পৰীক্ষাৰ বাবে থানে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহত সকলক এম্বুলেন্সৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

Exit mobile version