Boko Timber Seized :বকোত বন বিভাগৰ অভিযানত জাৰাপাৰাত জব্দ বৃহৎ পৰিমাণৰ  শাল গছৰ কুণ্ডা

timber seized

Boko Timber Seized :

ADVERTISEMENT

বকোত নিশা বন বিভাগৰ অভিযানত জাৰাপাৰাত বৃহৎ পৰিমাণৰ ফলা কাঠৰ লগতে শাল গছৰ কুণ্ডা জব্দ। কাঠসহ গ্ৰেপ্তাৰ গগণ ৰাভা নামৰ এজন চোৰাং কাঠ বেপাৰীক। গগণ ৰাভাৰ ঘৰ বকোৰ জাৰাপাৰাত।

ৰাভাৰ বাহগৃহৰ পৰা বনকৰ্মীয়ে জব্দ কৰে ফলা শালকাঠৰ লগতে অপৈনত শাল গছৰ কুণ্ডা ৷ প্ৰায় এক লক্ষাধিক টকাৰ মূল্য হ’ব জব্দকৃত কাঠখিনি ৷

উল্লেখ্য যে, গগণ ৰাভাই দীৰ্ঘদিন ধৰি নিজৰ ঘৰৰ পৰাই চলাই আহিছিল অবৈধ কাঠৰ ৰমৰমীয়া বেহা ৷  নিজৰ ঘৰত গঢ়ি তুলিছিল কাঠ ফলা মিল ৷ গোপন খৱৰৰ ভিত্তিত শিংৰা বনঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাসহ বনবিভাগৰ দলে অভিযান চলায়।

গ্ৰেপ্তাৰ কৰা চোৰাং কাঠ বেপাৰীজনক আজি জেল হাজোলৈ প্ৰেৰণ কৰা হয়।

Exit mobile version