Kamrup metro school:কামৰূপ মহানগৰ বিদ্যালয়সমূহত পাঠদানৰ সময়সীমা পুনৰ সলনি

বৃহস্পতিবাৰৰ পৰা শিক্ষানুষ্ঠানত ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব পাঠদান

school

Kamrup metro school:

মহানগৰত শেহতীয়াকৈ অব্যাহত থকা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ চৰকাাৰী- বেচৰকাৰী বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি কৰিছে ৷

সেই অনুসৰি প্রাথমিক পৰ্যায়ত পাঠদান পুৱা ৭.৩০ৰ পৰা দুপৰীয়া ১২ বজা পর্যন্ত নিৰ্ধাৰণ কৰাৰ বিপৰীতে মাধ্যমিক বিদ্যালয়ত পাঠদান ৭.৩০- ৰ পৰা দুপৰীয়া এক বজালৈ নিৰ্ধাৰণ কৰিছে ৷

জিলা আয়ুক্তৰ পৰামৰ্শক্ৰমে জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷

এই নির্দেশনাটোত ১৫ আগষ্ট পর্যন্ত বাহাল থাকিব নির্দেশনাটোত স্পষ্ট কৰি দিয়ে ৷

Exit mobile version