NLFB Pressmeet In kokrajhar:এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথাক মুক্তি নিদিয়ালৈকে

শান্তি আলোচনা বন্ধ ৰখাৰ সকীয়নি এন এল এফ বিৰ

pressmeet in kokrajhar

NLFB Pressmeet In kokrajhar:

ADVERTISEMENT

অস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পন কৰি মূল সুঁতিলৈ ঘূৰি অহা এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে সংগঠনটোৱে ৷

বুধবাৰে কোকৰাঝাৰস্থিত চান্দামাৰী ডেজিগনেটেড শিবিৰত সংগঠনটোৱে আয়োজন কৰা সংবাদমেলত এন এল এফ বিৰ অধ্যক্ষ আই বুংথিগ্ৰা ওৰফে বিক্ৰম ইছলাৰীয়ে মুখ্য সেনাধ্যক্ষ এম বাথাক ধন সংগ্ৰহৰ ভুৱা গোচৰত আৰক্ষীয়ে আটক কৰা কাৰ্যৰ ক্ষোভ প্ৰকাশ কৰে ৷

এন এল এফ বিৰ অধ্যক্ষ বিক্ৰম ইছলাৰীয়ে কয় যে, এম বাথাক গ্ৰেপ্তাৰৰ আঁৰত ৰাজনৈতিক অভিসন্ধি নিহিত হৈ আছে ৷ কাৰোবাৰ হেঁচাত ৰাজনৈতিক ষড়যন্ত্ৰৰে এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথাক সাঙোৰ খুওৱা হৈছে ৷

আনহাতে এন এল এফ বিৰ অধ্যক্ষ ইছলাৰীয়ে কয়,২৫ জুলাইত নিয়াই পুৰনি এক গোছৰত এম বাথাক গ্ৰেপ্তাৰ কৰাৰ পাছতে পুনৰ পাঁচদিনৰ আৰক্ষী জিন্মাত লৈ গুৱাহাটীলৈ নিয়া কাৰ্যক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ।

এনে প্ৰেক্ষাপটত সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে, শীৰ্ঘেই এম বাথাক মুক্তি কৰে নিদিলে শান্তি আলোচনা বন্ধ ৰখাৰ হুংকাৰ দিয়ে ৷

আনহাতে শান্তি আলোচনা বাবে আগবাঢ়ি অহা এম বাথাক পুৰণি গোছৰত গ্ৰেপ্তাৰ পিছত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োয়েও কোনো খা- খবৰ নোলোৱা কাৰ্যক অসন্তুষ্টি প্ৰকাশ কৰে এন এল এফ বিৰ অধ্যক্ষ আই বুংথিগ্ৰা ওৰফে বিক্ৰম ইছলাৰীয়ে ৷

উল্লেখ্য যে, মঙলবাৰে এম বাথাক ২০১৪ চনৰ পুৰণি এটা গোচৰ সংক্ৰান্তত নিয়াই পাঁচ দিনৰ বাবে নিজৰ জিম্মালৈ নি গুৱাহাটীলৈ লৈ যায় ৷

ইয়াৰ পূৰ্বে বাথাক বড়োলেণ্ড লিবাৰেশ্যন আৰ্মী ( বি এল এ) নামৰ নতুন সশস্ত্ৰ সংগঠনটোৰ সতে জড়িত থকাৰ অভিযোগত য ২৫ জুলাইত ওদালগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

Exit mobile version