Dhubri Incident:
ধুবুৰীৰ গৌৰীপৰত কত্তৰ্ব্যৰতএপি ডিচি এলৰ এছ ডি অ’ আৰু কৰ্মচাৰীক গুৰুলা–গুৰুলকৈ প্ৰহাৰ একাংশ লোকৰ ৷ অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ফলা খৰিৰে প্ৰহাৰ কৰা হয় ৷ এই ঘটনা ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ধুবুৰীত ৷
প্ৰাপ্ত খবৰ অনুসৰি,গৌৰীপুৰ এপিডিচিএল উপ–সংমণ্ডলৰ এছ ডি ই মঞ্জুৰুল হক আৰু দুই কৰ্মচাৰী মফিদুল হক আৰু ৰফিকুল হক চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ বৃহস্পতিবাৰে সন্ধিয়া গৌৰীপুৰৰ দুমৰদহ গাঁৱলৈ গৈছিল।
এছ ডি ই গৰাকীয়ে অঞ্চলটোত অভিযান চলাই পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰে। আনহাতে অভিযান অব্যাহত ৰখাৰ সময়তে দুমৰদহ গাঁৱৰে আফিজুৰ ৰহমান, হাফিজুৰ, নুলু,আশ্ৰাফ আলী, মজিদুৰ শ্বেখ আৰু আফিজুৰ ৰহমানে এছ ডি অ আৰু দুই কৰ্মচাৰীক লাঠি আৰু ফলা খৰিৰে প্ৰহাৰ কৰে ৷ ফলত দলবদ্ধ আক্ৰমণত তিনিওজন গুৰুতৰভাৱে আহত হয়।
আটাইকে প্ৰথমে গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।
আনহাতে ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ ফুটেজ সংগ্ৰহ কৰি আটক কৰিছে তিনিজন আক্ৰমণকাৰীক ৷ আন কেইবাজনো পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
ইপিনে,অসম ষ্টেট পাৱাৰ ৰ্ৱাকাৰ ইউনিয়নে নিশাই প্ৰতিবাদ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়।