Chirang RMC pressmeet on Tribal belt block: চিৰাঙত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংবাদ মেল

PRESSMEET

Chirang RMC pressmeet on Tribal belt block:

হাগ্ৰামা মহিলাৰীৰ সংখ্যালঘু বিদ্বেশী মনোভাৱৰ বাবেই আজি সংখ্যালঘু সকলে উচ্ছেদৰ জাননী পাবলগীয়া হৈছে। চিৰাঙত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংবাদ মেল

পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে সংবাদ মেল সম্বোধন কৰি কয় যে যোৱা ২০১৯ চনত তেতিয়াৰ বিটিচি চৰকাৰে গুৱাহাটী হাইকোৰ্টত ভূল তথ্যৰ ভিত্তিত দিয়া শপতনামা অনুসৰিয়ে গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশনা মতে ট্ৰাইবেল বেল্ট ব্লকৰ উচ্ছেদৰ জাননী দি থকা পৰিলক্ষিত হৈছে।

সেই সময়ত কোনো জৰিপ বা পৰ্য্যৱেক্ষণ নোহোৱাকৈ কাৰ্য্যালয়ত বহি বহিয়ে কেৱল মুছলমান অধ্যুশিত গাঁও সমুহক টাৰ্গেট কৰি তালিকা প্ৰস্থুত কৰি ন্যায়ালয়ক শপত নামা দিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে । হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ সৈতে নামাজ পঢ়ে,ইফতাৰ কৰে দেখুৱাবলৈ কিন্তু ভিতৰে ভিতৰে মুছলমান সকলক কেতিয়াও আকোৱালি লোৱা নাছিল বাবেই এনে কাম কৰিছিল বুলি সংবাদ মেলত উল্লেখ কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে।

তেওঁ লগতে কয় যে যিহেতু পৰিৱৰ্তনৰ নামত বিটিচিৰ প্ৰশাসনৰ মুৰৰ্ব্বী হোৱা প্ৰমোদ বড়ো বিটিচিত শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে সেয়ে তেওঁ যাতে বিষয়টো পৰ্য্যালোচনা কৰি প্ৰকৃত এখন তালিকা বনাই ন্যায়ালয়ত শপত নামা দিয়াৰ ব্যৱস্থা কৰে। কিয়নো ভাৰত স্বাধীন হোৱাৰ পুৰ্বৰে পৰা বসবাস কৰা লোক সকলকো ট্ৰাইবেল বেল ব্লক উচ্ছেদৰ নামত জাননী দিয়া পৰিলক্ষিত হৈছে।

ষষ্ট অনুসুচিৰ জড়িয়তে বিটিচিৰ ১৯ টা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সুৰক্ষিত হোৱাৰ পিচতো কেৱল বিটিচিতে বাচি বাচি মুছলমানক লক্ষ্য কৰি উচ্ছেদৰ জাননী দিয়া পৰিলক্ষিত হৈছে। অথচ অসমৰ ৪৮ টা ট্ৰাইবেল বেল্ট ব্লক আছে । তাত গুৱাহাটী মহানগৰিয়ো পৰে।

মুখ্যমন্ত্ৰীৰ যদি জনজাতী সকলৰ প্ৰতি সচাই দৰদ আছে তেন্তে গুৱাহাটীকে ধৰি অন্যান্য ট্ৰাইবেল বেল্ট ব্লক সমুহো খালি কৰক বুলি দাবী কৰে। সংবাদ মেলত লগতে কয় যে ইয়াত প্ৰটেকটেড জনগোষ্টী দেখুৱা হৈছে কাক যি সকলে স্বাধীনতাৰ পুৰ্বৰে পৰা আছে নে আন কোনোবা ? সকলো জাতি -জনগোষ্টীৰ মাজৰ পৰা বাছি বাছি মুছলমানক কিয় উচ্ছেদৰ জাননী দিয়া হল বুলি প্ৰশ্ন কৰে।

এই দৰে যদি কৰে তেন্তে শান্তিৰ বিটিআৰ আকৌ অশান্ত হ’ব গতিকে প্ৰমোদ বড়োৱে বিটিআৰৰ শান্তিৰ পৰিৱেশ বাহাল ৰাখিবলৈ উচ্ছেদৰ বিষয়টো বিবেচনা কৰা প্ৰয়োজন আছে বুলিও কয় আব্দুল আৱাল মণ্ডলে।

সংবাদমেলত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিৰ লগতে মুখপাত্ৰ আব্দুছ ছাত্তাৰ,চিৰাং জিলা সভাপতি গাজীবৰ ৰহমান সহ আন কে’বা গৰাকি নেতা-কৰ্মী  উপস্থিত থাকে।

Exit mobile version