Police Encounter:পুনৰ মহানগৰীত গুলীচালনাৰ ঘটনা

চিলনী চোৰক গুলীচালনা আৰক্ষীৰ

theft

Police Encounter:

মহানগৰীত দীৰ্ঘদিন ধৰি দিন দুপৰতে সোনৰ চেইন থপিয়াই নিয়া আদি কৰি বহু কেইটা চুৰিকাৰ্যৰে একপ্ৰকাৰ সন্ত্ৰাস চলাই অহা গভাইত চিলনী চোৰ এটাক আৰক্ষীয়ে গুলীচালনা কৰে ৷

অৰ্জুন সাহ নামৰ এটা চিলনী চোৰক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছত পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় ৷ এই ঘটনা সংঘটিত হয় মহানগৰীৰ পাশ্বৰ্ৱতী চন্দ্ৰপুৰত নিশা প্ৰায় আঢ়ৈ বজাত ৷

উল্লেখ্য যে, দেওবাৰে অৰ্জুন সাহ আৰু পত্নী ৰঞ্জুমা বেগমক গ্ৰেপ্তাৰ কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে। সপত্নীক মহানগৰীৰ আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল ৷ মহানগৰীত সংঘটিত বহু কেইটা চুৰি কাৰ্য জড়িত আছিল দম্পতীহাল দীৰ্ঘদিন ধৰি দুয়ো পতি-পত্নীয়ে মহানগৰীত চুৰিকাৰ্যৰে চলাইছিল সন্ত্ৰাস।

মনকৰিবলগীয়া যে,ইয়াৰ পূৰ্বে বিৰুবাৰী ,পানীখাইটিতো আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা গভাইত চোৰক আৰক্ষীয়ে কৰিছিল এনকাউণ্টাৰ  ৷

Exit mobile version