Drugs Seized In Bokajan : বোকাজানৰ খটখতিত ৩কোটি টকাৰ ড্ৰাগছ সহ জালত ২সৰবৰাহকাৰী

heroin seized

Drugs Seized In Bokajan :

পুনৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সফলতা । এক বিশেষ সূত্ৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী থানাৰ বিষয়া মঞ্জিত টেৰণ খটখতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ লগতে ২০নং CRPF বাহিনীৰ যৌথ অভিযানত খটখতি আৰক্ষী থানাৰ অন্তৰ্গত জনক পুখুৰীত অভিযান চলাই NL07 CC 0629 নম্বৰৰ এখন জিপচীত ৪৫টা চাবোনৰ বাকচত ৫৬৬গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত নাগালেণ্ডৰ সেনাপতি জিলাৰ চিভি’ক জন থ্রো আৰু ৰাপু এলিয়া নামৰ দুটা সৰবৰাহকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Exit mobile version