Hengerabai Suicide:মহানগৰীত অঘটন !

পত্নী আৰু ২ সন্তানক শোৱা কোঠাত তলা মাৰি আত্মহত্যা স্বামীৰ

dispur police

Hengerabai Suicide:

মহানগৰীৰ হেঙেৰাবাৰীৰ কাঞ্চনপুৰত মৰ্মান্তিক ঘটনা ৷পত্নী আৰু দুই সন্তানক শুৱনি কোঠাত তলা মাৰি পাকঘৰত আত্মহত্যা স্বামীৰ ৷

আত্মহনৰ দৰে চৰম পন্থা বাচি লোৱা লোকজনৰ নাম কমল ৰাজবংশী । ৩৭ বছৰীয়া ৰাজবংশীৰ লোকজন পেছাত এজন কাঠমিস্ত্রী আছিল।

কি পৰিস্থিতিত লোকজনে আত্মহনৰ দৰে পথ বাচি ল’লে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও স্থানীয় প্ৰতিবেশীৰ মতে,আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যা কৰিছে দুৰ্ভগীয়া লোকজনে ৷

ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

Exit mobile version