Kakapothar Incident:কাকপথাৰত ভয়ংকৰ ঘটনা

বনকৰা কিশোৰীক গৰম পানী ঢালি অত্যাচাৰ ছাত্ৰ নেতাৰ, আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মনেশ্বৰ চাওৰাৰ বিৰুদ্ধে অভিযোগ

atsa leader

Kakapothar Incident:

এগৰাকী ছাত্ৰ নেতাই বনকৰা কিশোৰীক গৰম পানী ঢালি নিৰ্যাতনৰ দৰে জঘন্য ঘটনা এটি সংঘটিত হয় তিনিচুকীয়া জিলাৰ কাকপথাৰত

চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মনেশ্বৰ চাওৰাই সোমবাৰে ঘৰত বনকৰা বাৰ বছৰীয়া কিশোৰীৰ গাত গৰম পানী ঢালি চলাইছিল শাৰীৰিক নিৰ্যাতন

ইতিমধ্যে এই নিৰ্যাতনৰ বিষয়ে স্বয়ং ভূক্তভোগী কিশোৰী গৰাকীয়ে কয়, মনেশ্বৰ চাওৰাৰ উপৰিও তেওঁৰ শিক্ষয়িত্ৰী পত্নীয়েও শাৰীৰিক অত্যাচাৰ চলাই গৈছিল ৷

উল্লেখ্য যে,ভূক্তভোগী কিশোৰী গৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ মৰাণৰ পথালিবামত বুলি জানিব পৰা গৈছে ৷

এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ গুৰুত্বপূৰ্ণ পদবীত থাকি নিজ বাসগৃহত এগৰাকী কিশোৰী ওপৰত অকথ্য নিৰ্যাতন চলোৱা মনেশ্বৰ চাওৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় লোক ৷

ধুৰন্ধৰ ছাত্ৰ নেতাজনৰ ওপৰত কঠোৰ শাস্তিৰ দাবী তোলে সচেতন মহলে ৷

Exit mobile version