Two Arrested With Fake Currency Notes- Gold:
মহানগৰীত জাল নোটৰ কাৰখানা -নকল সোণৰ বৃহৎ চক্ৰ উৎখাত ৷ জনকপুৰৰ ভগদত্তপুৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি সোমবাৰে দক্ষিণগাঁৱত নিশা অতৰ্কিতে অভিযান চলাই নকল নোট, নকল সোণ, নকল টকা বনোৱা মেচিন জব্দ কৰে।
কাহিলীপাৰা দক্ষিণগাঁৱৰ গৃহ নং২০ৰ ভাৰাঘৰ এটাত নাওবৈছাৰ নকল সোণ প্ৰস্তুত কৰা চক্ৰ এটা বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷
ভগদত্তপুৰ আৰক্ষীয়ে জব্দকৃত সামগ্ৰীৰ স’তে গ্ৰেপ্তাৰ কৰে ফাৰুক আহমেদ আৰু ৰচিদুল হক নামৰ দুজন লোকক।
ধৃত নকল সোণৰ সৰবৰাহকাৰী দুটাাৰ ঘৰ লখিমপুৰৰ পতেহপুৰত। আৰক্ষীৰ জেৰাত সদৰি কৰা মতে দুয়োজনে পতেহপুৰৰ পৰা চাৰি মাহ পূৰ্বে আহি ভাৰাতীয়া দক্ষিণগাঁৱত বাহৰ পাতি আছিল । ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
