AAP Opposes Guwahati High Court’s Transfer: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰণৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আপৰ সভাপতি ভবেন চৌধুৰীৰ

অধিবক্তা সমাজৰ বিৰোধিতালৈ পূৰ্ণ সমৰ্থন আপ-অসমৰ

guwahati high court

AAP Opposes Guwahati High Court’s Transfer:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজকে ধৰি কোনো অংশীদাৰৰ লগত আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ উচ্চ ন্যায়ালয়খন বৰ্তমানৰ স্থানৰ পৰা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ সিদ্ধান্তক আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে তীব্ৰ বিৰোধিতা কৰিছে।

এক বিবৃতিযোগে তেওঁ কয় যে ১৯৪৮ চনতে স্থাপন কৰা ঐতিহ্যমণ্ডিত উচ্চ ন্যায়ালয়খনৰ লগত জড়িত হৈ আছে অসমৰ জনতা আৰু অধিবক্তা সমাজৰ আবেগ। এই আবেগক আওকাণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিবক্তা সমাজৰ লগত কোনো আলোচনা নকৰাকৈ চূড়ান্ত মইমতালিৰে উচ্চ ন্যায়ালয়খন উত্তৰ গুৱাহাটীৰ ৰংমহল নামৰ স্থানলৈ স্থানান্তৰিত কৰিব বিচৰাৰ আঁৰত কি স্বাৰ্থ জড়িত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টীয়ে

বৰ্তমানৰ ঐতিহ্যমণ্ডিত স্থানৰ পৰা উচ্চ ন্যায়ালয়খন গুৱাহাটী কাষৰীয়া অঞ্চললৈ লৈ গ’লে ন্যায়ালয়ত কৰ্মৰত অধিবক্তাসকলৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰংমহলত ইতিমধ্যে মাটি ক্ৰয় কৰি থোৱা একাংশ ধনিক শ্ৰেণী লাভান্বিত হ’ব।

এতিয়া প্ৰশ্ন হয়, জীৱনত একমাত্ৰ মাটি-সম্পত্তিকে গোটোৱা তথা সমাজ জীৱনলৈ কোনো ধৰণৰ বৰঙনি আগ নবঢ়োৱা ধনিক শ্ৰেণীটোৰ লগত হিমন্ত বিশ্ব শৰ্মা থাকিব নে অধিবক্তা সমাজৰ লগত থাকিব ?

এই বিবৃতিযোগে উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজৰ লগত আম আদমি পাৰ্টী থাকিব বুলি ঘোষণা কৰে।

Exit mobile version