Govt.Employed Arrested:পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

uda arrested

Govt.Employed Arrested:

ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো শিকনি হোৱাৰ নাই লোভীয়া একাংশ বিষয়া- কৰ্মচাৰীৰ ৷

এইবাৰ উৎকোচ লৈ হাত দাঙিলে বিদ্যালয়ৰ উচ্চবৰ্গৰ সহায়কে। ঘোচ লৈ হাতে-লোটে আটক অভয়াপুৰী বৰজান হাইস্কুলৰ উচ্চবৰ্গৰ সহায়ক এবাদত আলী আহমেদ।

এন পি এছ একাউণ্টৰ বদলিকৰণৰ নামত এজন লোকৰ পৰা উৎকোচ লওতেই পূৰ্বৰে পৰা অসামৰিক পোছাকক খাপ পিটি থকা দুৰ্নীতি নিবাৰকৰ বিষয়াই হাতে লোটে আটক কৰে আহমেদক ৷

বিদ্যালয় খনৰ সমীপৰে’ জয় মা কালী’ নামৰ এখন হোটেলত উৎকোচ গ্ৰহণ কৰিছিল ঘোচখোৰ আহমেদে ৷

উল্লেখ্য যে,এন পি এছ একাউণ্টৰ বদলিকৰণৰ নামত উচ্চবৰ্গৰ সহায়ক এবাদত আলী আহমেদে দাবী কৰিছিল ধন ৷

Exit mobile version