Bulletproof Jacket In Manipur :ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা মণিপুৰত বৃদ্ধি পাইছে বুলেটপ্ৰুফ জেকেটৰ বিক্ৰী

jacket

Bulletproof Jacket In Manipur :

বিগত চাৰিটা মাহৰো অধিক দিন অগ্নিগৰ্ভা মণিপুৰত অব্যাহত থকা হিংসাত্মক ঘটনাই ৰাজ্য খনৰ স্বাভাৱিক জীৱনযাত্ৰা এক প্ৰকাৰ ব্যাহত হৈ পৰিছিল।

কিন্ত শেহতীয়াকৈ পাহাৰীয়া ৰাজ্য খনলৈ স্বাভাৱিক অৱস্থাৰে এক শান্তিময় পৰিবেশ ঘূৰি অহাৰ পাছতো ৰাইজ ভীতিগ্ৰস্ত হৈ আছে ৷ যেন প্ৰাণৰ শংকাত ভূগিছে মণিপুৰী জনসাধাৰণে ৷

যাৰবাবে মণিপুৰত বুলেটপ্ৰুফ জেকেটৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ পূৰ্বতে দিনটোত এটাৰ পৰা তিনিটালৈ বিক্ৰী হোৱা জেকেট ৷এতিয়া দৈনিক অৰ্ধ শতাধিক বুলেটপ্ৰুফ জেকেট বিক্ৰী হৈছে ৷

তিনি হেজাৰৰ পৰা পাঁচ হেজাৰত বিক্ৰী হোৱা বুলেটপ্ৰুফ জেকেট ক্ৰয় কৰিবলৈ ক্ৰেতাৰ ভিৰ বাঢ়িছে দোকান সমূহত ৷

সৰ্বসাধাৰণ জনতাৰ বিশ্বাস৷এই জেকেট পৰিধান কৰিলে হয়তো নিজৰ প্ৰাণ ৰক্ষা পৰিব ৷কিয়নো যিকোনো সময়তে য’তে ত’তে দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাটো এতিয়া মণিপুৰত সূলভ হৈ পৰিছে ৷

গুলীৰ আঘাতৰ পৰা ৰক্ষা পাবৰ বাবে বুলেটপ্ৰুফ জেকেট পৰিধান কৰিছে সকলোৱে ৷বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ইয়াৰ চাহিদা বৃদ্ধি পাইছে ৷ তেওঁলোকে গাত জেকেট পৰিধান কৰি নিজকে সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছে ৷

Exit mobile version