Dr.Dharanidhar Das:ডঃ ধৰণীধৰ দাসৰ হত্যাৰ ২৫ বছৰ

দেশৰ আইন কানুন যেতিয়া ৰাষ্ট্ৰৰ মজিয়াত নতজাণু তাত ধৰণীধৰ দাসৰ তদন্ত কিবা হ'ব কেনেকৈ আশা কৰিব পাৰি - মিথিংগা দৈমাৰী

dharanidhar das memorial meeting

Dr.Dharanidhar Das:

১৯৯৮ চনৰ ১১ আগষ্টৰ ৰাতি মাতৃ, পুত্ৰ আৰু গৰ্ভৱতী পত্নীসহ বৰমাৰ ডঃ ধৰণীধৰ নিহত হৈছিল গুপ্তঘাটকৰ হাতত। এই ঘটনাৰ ইতিমধ্যে ২৫ বছৰ পাৰ হল। কিন্তু এই ঘটনাৰ তদন্ত আজিও সম্পূৰ্ণ নহল।

সাহিত্যিক আৰু এজন অহৰহ সমাজকর্মী ডঃ ধৰণীধৰ দাসৰ সোঁৱৰণত আজি বৰমা ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা আৰু কবি সন্মিলন। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিদ্যা সাগৰ ৰামচীয়াৰীৰ সঞ্চালনাত অনুষ্ঠিত উক্ত স্মৃতিচাৰন সভাত অংশগ্ৰহণ কৰি সৰুপেটা প্ৰাক্তন অধ্যাপক ফণীধৰ তালুকদাৰ বছৰেকৰ মূৰত আমি পিতৃ- মাতৃৰ শ্ৰাদ্ধ কৰাৰ দৰে ধৰণী দাশো যেন সেইখিনি পৰ্যায়ত ৰাখিলোঁ।

তেওঁ কেতিয়াও ধন, টকা পইচাৰ পাছত দৌৰা মানুহ নহয়। সেইজন ধৰণীধৰ দাস নহলে বৰমাৰ কোনো অনুষ্ঠান চলা নাছিল। যিজন লৰাই স্কুলীয়া। দিনত সামান্য
এটোপাল তেজ দেখি অচেতন হৈ পৰিছিল সেইজন ধৰণী শেষত তেজৰ ডোঙাত পৰি থাকিল।

তেওঁ আছিল সুকুমাৰ প্রতিভাৰ লোক। আজি ২৫ বছৰে ন্যায়িক তদন্ত নহল, এতিয়া হব বুলি মোৰ মনে নধৰে। নিৰীহৰ তেজেৰে ৰাষ্ট্ৰযন্ত্ৰই ফাকু নেখেলিব। নতুন প্ৰজন্মইও ডঃ ধৰণীধৰ দাসক চিনিব পৰাকৈ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে।

ইপিনে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তুলসী মানস ৰাভাই কয় – আজিৰ দিনটোৱে ১৯৯৮ চনৰ এটা কালৰাত্রিৰ কথা বৰমাবাসীক সোঁৱৰাই দিয়ে। সেইদিনা চাৰিখনকৈ চিতা দাও দাওকৈ জলিছিল।

মাতৃ, পুত্ৰ আৰু গৰ্ভৱতী পত্নী জ্বলি চাই হৈ গৈছিল। তেওঁৰ ভাতৃ মিথিংগা দৈমাৰী এটা বিপ্লৱী সংগঠনৰ প্ৰচাৰ সচিব আছিল বাবেই ভাৰত ৰাষ্ট্ৰই ডঃ ধৰণীধৰ দাসৰ পৰিয়ালৰ ওপৰত গুপ্তঘাতক মেলি দিছিল।

সংগঠনটো আলোচনালৈ আহিল কিন্তু তেওঁলোকে ধৰণীধৰ দাসৰ পৰিয়ালক সান্তনা দিব পৰাকৈ কিবা কৰিব পৰিছেনে ? দুখৰ বহু কথা বৰমাবাসীয়ে বুকুত লৈ আছে। আনহাতে ডঃ ধৰণীধৰ দাসৰ ভাতৃ তথা আলফাৰ সেই সময়ৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰী ওৰফে কবি মেগন কছাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

স্মৃতিচাৰন সভাৰ লগতে অনুষ্ঠিত কবি সন্মিলনৰ শুভ মুকলি কৰি তেওঁ কয় – দেশৰ আইন কানুন যেতিয়া ৰাষ্ট্ৰৰ মজিয়াত নতজানু হৈ পৰিছে তেনেস্থলত দাদা ধৰণীধৰ দাস বা মোৰ পৰিয়ালৰ হত্যাকাণ্ডৰ কিবা বিচাৰ হ’ব বুলি মই কোনসতে বিশ্বাস কৰিব পাৰোঁ ?

Exit mobile version