Assam Ministers lost his constituency: সমষ্টি হেৰুৱালে ৰাজ্যৰ ৰাজনীতিৰ ডেৰকুৰি ৰথী-মহাৰথীয়ে

images 3

Assam Ministers lost his constituency: খচৰা প্ৰকাশৰ পাছত মুখ্যমন্ত্ৰীৰ লগতে নিৰ্বাচন আয়োগৰ ওচৰত ওজৰ-আপত্তি প্ৰদৰ্শন কৰি সুদীৰ্ঘ ৫২টা দিন অপেক্ষা কৰিও সমষ্টি ঘূৰাই নাপালে ৰাজ্যৰ ৰাজনীতিত সুদীর্ঘ দিনে দপদপাই থকা ভালেসংখ্যক মন্ত্রী-বিধায়ক তথা জ্যেষ্ঠ নেতাই।

বিশেষ প্রতিক্রিয়া প্ৰকাশ নকৰি সময়লৈ অপেক্ষা কৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজৰ সমষ্টি ঘূৰাই পোৱা একমাত্ৰ ৰাজনীতিকৰূপে চিহ্নিত হ’ল। আজি প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত পূর্বে সমষ্টিৰ নাম কৰ্তনৰে নৰসিংপুৰ কৰাৰ পাছতো মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টিটোৰ নাম পুনৰ ধলাইলৈ ৰূপান্তৰ কৰা হৈছে।

বিজেপিৰ মিত্ৰদল অগপৰ চূড়ান্ত অসন্তুষ্টি তথা আপত্তিৰ পাছতো আজি প্ৰকাশ পোৱা সমষ্টিৰ চূড়ান্ত তালিকাত নির্বাচন আয়োগে অগপক ওভতাই নিদিলে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো।

ইয়াৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত অনিশ্চিত হৈ পৰিলে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভবিষ্যৎ। ইফালে, সমষ্টি হেৰুৱালে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও।

পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰ বিলুপ্ত কৰি সমষ্টিটো ক্রমে টিহু-বৰক্ষেত্ৰী আৰু নলবাৰী সমষ্টিত চামিল কৰাক কেন্দ্ৰ কৰি সমষ্টিবাসীৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল।

কিন্তু স্থানীয় বিধায়ক তথা মন্ত্ৰী পাটোৱাৰীয়ে দলৰ কৰ্মী-সমর্থকসকলক সেয়া খচৰাহে বুলি কৈ চূড়ান্ত তালিকা অপেক্ষা কৰাৰ বাবে আহ্বান জনাইছিল যদিও আজি ঘোষিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাতো শেষ ৰক্ষা নহ’ল মন্ত্ৰী পাটোৱাৰীৰ।

Exit mobile version