Beltala Theft:মহানগৰীত পুনৰ চোৰৰ চাফাই অভিযান

চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ সহ লক্ষাধিক টকা

theft 2

Beltala Theft:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙলি দেখুৱাই চোৰে অব্যাহত ৰাখিছে চুৰি কাৰ্য ৷ ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰিকাণ্ড।

পুনৰ চোৰে যোৱা নিশা বেলতলাৰ ভগদত্তপুৰত চলালে চাফাই অভিযান। বাসগৃহত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে চলালে লুট-পাত। অজিত দাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। চোৰে লুট কৰি নিয়ে সোণৰ আ-অলংকাৰসহ নগদ প্রায় এক লক্ষাধিক নগদ ধন।

ইতিমধ্যে ভূক্তভোগী অজিত দাস নামৰ লোকজনে চুৰিকাণ্ড সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ ইয়াৰ পাছতে চোৰৰ সন্ধানত আৰক্ষীয়ে চলাই অভিযান ৷

Exit mobile version