Bijani Fake Gold Seized :বিজনীৰ পাণবাৰীত নকল সোণ সহ গ্ৰেপ্তাৰ এজন সৰৱৰাহকাৰী

seized

Bijni Fake Gold Seized :

বিজনীৰ পাণবাৰীৰ নিকটৱৰ্তী বাল্লিমাৰীত আজি আবেলি ভাগত পাণবাৰী থানাৰ আৰক্ষীৰ দলে এক অভিযান চলাই সোণৰ এখন নকল নাঁৱৰ লগতে এটা যীশুখ্ৰীষ্টৰ নকল সোণৰ মূৰ্তি জব্দ কৰাৰ উপৰি এজন সৰৱৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷

সোণৰ নাওঁ আৰু সোণৰ মূৰ্তিসহ গ্ৰেপ্তাৰ লোকজন হৈছে ধেমাজি জিলাৰ হাফীজ আলী(২৫) ৷ধৃত হাফীজৰ ঘৰ ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ৩ নং সোণাপুৰত। ধৃত যুৱকজনে লখিমপুৰৰ পৰা চিৰাঙৰ বিজনীৰ পাণবাৰীৰ বাল্লিমাৰীলৈ লৈ আহিছিল নকল সোণৰ নাওঁ আৰু মূৰ্তিটো।

তেওঁ প্ৰকাশ কৰামতে তেঁওৰ হাতত উক্ত সোণৰ নাওঁ আৰু মূৰ্তিটো এজন লোকে পঠাই দিছিল ৷ সেই সূত্ৰে তেওঁ লৈ আহিছিল সোণখিনি ৷ সোণখিনি পাণবাৰীৰ এজন গ্ৰাহকৰ লগত মুঠ ৬০ লাখ টকাত বন্দবস্ত হৈছিল ।

পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাধন দত্তৰ নেতৃত্বত চলোৱা অভিযানত জব্দকৃত নাওঁখনৰ ওজন ১.৬৮০ কিলোগ্ৰাম আৰু মূৰ্তিটোৰ ওজন ১.৭৫০ কিলোগ্ৰাম। ধৃত হাফীজৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন আৰু নগদ ধন ৫১০ টকা জব্দ কৰে।

Exit mobile version