Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

video song

Chirang Sidli  koch-Rajbonshi Video Song :

আজি চিৰাং জিলাৰ চিদলীত “চিপিৰ চিপিৰ পানীতে” শীৰ্ষক এটি কোচ-ৰাজবংশী  ৰোমান্টিক ভিডিঅ গীতৰ শুভ মুক্তি দিয়া হয়।

গীতৰ কথা-সুৰ উদিয়মান গীতিকাৰ ধ্ৰুৱ ৰায়ৰ,গীতটিত কণ্ঠদান কৰিছে বিশিষ্ট গীতিকাৰ,সুৰকাৰ তথা শিক্ষক জনৰঞ্জন বৰ্মনে,গীতৰ সংগীত ব্যৱস্থাপনা সুদিপ্ত আৰ সিংহৰ, প্ৰযোজনা জন স্মিথৰ। ভিডিঅ টোত মূখ্য চৰিত্ৰত অভিনয় কৰিছে জয়ন্ত আৰু শিখা মনি ৰয়ে, ভিডিঅগ্ৰাফী প্ৰিয়ম ৰায় আৰু জয়কিশোৰ ৰায়ৰ। আজি অনুষ্ঠিত ভিডিঅ গীতৰ শুভ মুক্তি অনুষ্ঠানত উপস্থিত থাকি গীতটিৰ পষ্টাৰ মুকলি কৰে কালীপুখুৰী ভি চি ডি চিৰ অধক্ষ্য ৰাহুলজিৎ ৰায় আৰু সমাজ সেৱক হিৰকজ্যোতি প্ৰধানিয়ে।

লগতে আজি শুভ মুক্তি লাভ কৰা সম্পূৰ্ণ ভিডিঅটি লক্ষ্যসন্ধান ইউটিউব চেনেলত বিচাৰিলে পাব বুলি উল্লেখ কৰি কোচ ৰাজবংশী ভাষাত লিখা ৰোমাণ্টিক গীতৰ ভিডিঅটি ৰাইজে আঁকোৱালি লব বুলিও আশা ব্যক্ত কৰে কালিপুখুৰী ভিচিডিচিৰ অধ্যক্ষ গৰাকীয়ে।

চিদলী ৰাজহ চক্ৰৰ সমিপৱৰ্তী নোমলপুৰ গাঁৱৰ বিশিষ্ট গীতিকাৰ,সুৰকাৰ,কণ্ঠশিল্পী তথা শিক্ষক জনৰঞ্জন বৰ্মনৰ নিজ বাসভৱনত অনুস্থিত গীতৰ শুভ মুক্তি অনুষ্ঠানত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় উপ-সভাপতি ব্ৰজেন ৰয়,বিশিষ্ট পৰিচালক নবিন ৰয়,সাংবাদিক তথা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ সদস্য ভীস্ম সৰকাৰ, উদীয়মান গীতিকাৰ ধ্ৰুৱ ৰায়,লক্ষ্যসন্ধান ইউটিউব চেনেলৰ মেনেজাৰ লম্বোধৰ ৰায়,জে এন ডি প্ৰডাকচনৰ মেনেজাৰ দিপক ৰাজবংশী,সহকাৰী কেমেৰা পাৰ্চন ভাস্কৰ জ্যোতি ৰয়,কন্ঠশিল্পী প্ৰনৱ কুমাৰ ৰয়ৰ লগতে লগতে সংগীত প্ৰেমী বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Exit mobile version