kokrajhar Firing:কোকৰাঝাৰৰ শশাৰগাঁৱত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীচালনা

kokrajhar 2 1

kokrajhar Firing:

বিটিআৰ অঞ্চলত অবৈধ মাৰাণাস্ত্ৰৰ ঝনঝননি অব্যাহত থকাৰ অভিযোগ প্ৰায়ে উদ্থাপিত হৈ থকাৰ মাজতে শণিবাৰে পুৱা কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া শশাৰগাঁৱত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷

ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শশাৰগাঁৱৰ প্ৰথমখণ্ডত আজি পুৱাই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীবৰ্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ।

এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে ত্ৰস্তমাণ হৈ পৰিছে সমগ্ৰ শশাৰগাঁও অঞ্চল ৷ উল্লেখ্য যে,কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ বাসগৃহৰ মাজত মাত্ৰ ১০০ মিটাৰৰ দূৰত্বত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷

উল্লেখ্য যে, আজি পুৱাতে অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই হাতত মাৰাণাস্ত্ৰ লৈ শূন্যলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি জীবেশ ৰায়ৰ বাসগৃহৰ সন্মুখৰে পাৰ হৈ যোৱাৰ সময়তে মুখামুখি হয় যুৱক নন্দন নাথ নামৰ যুৱকজন ৷

পুৱা দৌৰিবলৈ অহা যুৱকজনে ৰাতিপুৱা তেওঁলোক ক’লৈ যায় বুলি সোধাত খৰ্গগস্ত হৈ দুৰ্বৃত্তৰ দলটো ৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈ তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে নন্দন নাথ পিষ্টল কুন্দাৰি উপযুপৰি প্ৰহাৰ কৰে। দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত এটা দাঁত ভাঙে নিৰীহ যুৱকজনৰ ৷

ইপিনে তিনিজনীয়া দুৰ্বৃত্ত দলটোৰ দলবদ্ধ আক্ৰমণত ধৰাসায়ী হৈ প্ৰাণৰ মমতাত চিঞৰিবলৈ ধৰে ৷ পাছত যুৱকজনৰ সহায়ৰ বাবে বহুলোকে আগবাঢ়ি অহাত দুৰ্বৃত্তৰ দলতোৱে ৰাইজক ভীতিগ্ৰস্থ কৰিবলৈ শূন্যলৈ নিৰ্বিচাৰ গুলীচালনা কৰি সেই স্থানৰ পৰি পলায়ন কৰে ৷

দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ২০ বছৰীয়া নন্দন নাথক ৰাইজে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

আনহাতে ঘটনা ৰ খবৰ লাভ কৰি ঘটনাস্থলীত মহকুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্ত সন্ধানত অভিযান চলাই ৷ আৰক্ষীয়ে ঘটলাস্থলীৰ পৰা এটা খালি কাৰ্টিজ উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে ,দুৰ্বৃত্তৰ টাৰ্গেট আছিল কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়। আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে শশাৰগাঁও অঞ্চলত ৷ আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version