S I Arrested In Barpeta:ঘোচ লৈ হাত দাঙিলে আৰক্ষী উপ- পৰিদৰ্শকে

বৰপেটা সদৰ থানাৰ এছ আই নিজাম উদ্দিন ভূঞা সহ গৃহৰক্ষী জোৱান আটক

si arrested 1

S I Arrested In Barpeta:

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ৰাজ্যজুৰি ঘোচখোৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ পাছতো কেৰেপ কৰা নাই একাংশ লোভীয়া চৰকাৰী বিষয়া – কৰ্মচাৰীয়ে ৷ পিছ পৰি ৰোৱা নাই আৰক্ষী বিষয়া- জোৱানো ৷

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই আপ্ত বাক্যশাৰী প্ৰযোজ্য হ’ল এজন আৰক্ষী বিষয়াৰ ক্ষেত্ৰত ৷ ঘোচ লোৱাটো স্বভাৱত পৰিণত হোৱা এজন এছ আইয়ে অৱশেষত হাত দাঙিবলৈ বাধ্য হ’ল ৷

খাকী পোছাকত দাগ লগাই উৎকোচ লোৱাৰ সময়তে বৰপেটা সদৰ থানাৰ এছ আই নিজাম উদ্দিন ভূঞা আৰু হোমগাৰ্ড লাল চান্দ আলীক হাতেলোটে আটক কৰে চি এম ভিজিলেঞ্চৰ বিষয়াই ৷

ইতিমধ্যে অধিক জেৰাৰ বাবে দুই আটকাধীন আৰক্ষীক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে চি এম ভিজিলেঞ্চ ৷

Exit mobile version