Smuggler With Burmese Supari Arrested In Guwahati:গুৱাহাটীত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ অভিযান

অভিযানত দুই সৰবৰাহকাৰী আৰু ১৪ কুইণ্টল বাৰ্মিজ চুপাৰিসহ জব্দ ট্ৰাক

barmis supari

Smuggler With Burmese Supari Arrested In Guwahati:

চোৰাং বাৰ্মিজ চুপাৰিৰ কৰিডৰত ক্ৰমাৎ পৰিণত হৈছে গুৱাহাটী ৷ মিজোৰামৰ পৰা বৰাক উপত্যকা হৈ গুৱাহাটীলৈ গোপনে দীৰ্ঘদিনৰ পৰা অব্যাহত থকা বাৰ্মিজ চুপাৰিৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী বিশেষ বিশেষ টাস্ক ফৰ্চ ৷

গুৱাহাটী আৰক্ষীৰ বিশেষ বিশেষ টাস্ক ফৰ্চ আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় ১৪ কুইণ্টল বাৰ্মিজ চুপাৰিসহ জব্দ এখন ট্ৰাক ৷ লগতে আটক হয় দুই সৰবৰাহকাৰী ৰমেন বসুমতাৰী আৰু দীপক বসুমতাৰী ৷

ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা

Exit mobile version