Union Govt Police Medal:স্বাধীনতা দিৱস উপলক্ষ্য অসম আৰক্ষীৰ ২১ বিষয়া-কনিষ্টবললৈ কেন্দ্ৰীয় চৰকাৰে পুলিচ মেডেল

আঠ গৰাকীলৈ সাহসিকতাৰ বঁটা, ১৩ গৰাকীলৈ উৎকৃষ্ট সেৱা বঁটা

police medal

Union Govt Police Medel:

স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ ২১আৰক্ষী বিষয়া – কনিষ্টবললৈ আগবঢ়াইছে বিশেষ মেডেল

ইয়াৰে আঠ গৰাকী বিষয়া-কনিষ্টবললৈ আৰক্ষীৰ সাহসিকতা বঁটা  ৷ বঁটা প্ৰাপ্ত সকল হ’ল উপ- আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল,এছ আই লাটুক দাস, ৰিতুজ্যোতি নাথ, মৌবলিক ব্ৰহ্মলৈ সাহসিকতা বঁটা। তালিকাত কনিষ্টবল ছেমছন তাৰ’, জয়কিৰি তেৰণ, নৱজ্যোতি ৰয়।

আনহাতে ১৩ গৰাকী বিষয়া-কনিষ্টবললৈ লৈ উৎকৃষ্ট সেৱা বঁটা আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে ৷তেওঁলোক হ’ল বাক্সাৰ এছ পি ৰাজেন সিং, পৰিদৰ্শক ৰূপজ্যোতি দত্ত , পৰিদৰ্শক দীপেন পাটৰ, উপ- পৰিদৰ্শক ৰাজকুমাৰ সিং, কমলেশ্বৰ পাণ্ড, হাবিলদাৰ দেবেন চন্দ্ৰ বৰা, উপ- পৰিদৰ্শক সতীশ কুমাৰ, কনিষ্টবল ইন্দ্ৰ দাস,হাবিলদাৰ ৰজনীকান্ত বৰ্মন, এএছআই মনোৰঞ্জন কটকী, কনিষ্টবল দিগন্ত বাগলাৰী, কনিষ্টবল নিৰলাবালা কছাৰী, এএছআই এইচ বিচৌ চন্দ্ৰ সিংহ ৷

Exit mobile version