Bajali Accident:বজালীৰ গলিয়াত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই টোলগেটত খুন্দা যাত্ৰীবাহী বাছৰ, ৩০ জনকৈ লোক আহত

bajali accident

Bajali Accident:

বজালীৰ গলিয়াত দুপৰীয়া সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত বহুজনৰ ৷ এজনৰ অৱস্থা সংকটজনক ৷

প্ৰাপ্ত খবৰ অনুসৰি,আজি দুপৰীয়া ভাগত বজালীৰ গলিয়াত থকা টোলগেটত হঠাতে এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত বাছখনৰ চালক সহ ৩০ জনকৈ যাত্ৰী আহত হয় ৷ ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক  ৷ ইতিমধ্যে আহত সকলোকে স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিছে ৷

উল্লেখ্য যে ,যাত্ৰীবাহী বাছ খনৰ খুন্দাত গলিয়াৰ টোলগেটৰ ক্ষতিসাধন হয় ৷ইতিমধ্যে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় পৰিস্থিতি পৰ্যবেক্ষণ কৰি যাবতীয় পদক্ষেপ লৈছে ৷

Exit mobile version