Himachal Pradesh Landslide:
হিমালয়ান ৰাজ্য হিমাচল প্ৰদেশত যোৱা এটা পষেক দিন অব্যাহত থকা ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ নামি পানীৰ ঢলে পাহাৰীয়া বহু নদ- নদী উফন্দি নৈ পৰীয়া বহু অঞ্চল উটুৱাই লৈ যোৱাৰ লগতে সহস্ৰাধিক পথত সংঘটিত ভয়ংকৰ ভূমিস্খলনত বহু ঘৰ- দুৱাৰ বিধ্বস্ত হয় ৷ মৃত্যু হৈছে বহুলোকৰ ৷ চকুৰ পলকতে তাছপাতৰ দৰে খহি পৰিছে বহু অট্টালিকা ৷
বিশেষকৈ ৰাজধানী চহৰ চিমলাত ভূমিস্খলনত বিস্তৰ ক্ষতিসাধন হয় ৷ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মুহূৰ্ততে উটুৱাই নিয়ে বাসগৃহ ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযান তীব্ৰ কৰি তোলে ৷ অব্যাহত আছে ভূমিস্খলনৰ উদ্ধাৰ অভিযান।
অৱশ্যে দেওবাৰৰ নিশাৰ পৰাই হিমাচল প্ৰদেশৰ ঠায়ে ঠায়ে প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আনহাতে মঙলবাৰৰ দিনা ৰাজ্যখনত ভূমিস্খলনৰ বাবেই স্থবিৰতা আহি পৰে কৰা স্বাধীনতা দিৱস উদযাপনত।
ইতিমধ্যে ধাৰাবাহিক প্ৰাকৃতিক দুৰ্যোগৰ একপ্ৰকাৰ বিধ্বস্ত হোৱা হিমাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ৫৫জন লোকৰ মৃত্যু হোৱাৰ খবৰ জানিব পৰা গৈছে ৷
আনহাতে মুষলধাৰ বৰষুণৰ বাবেই সোমবাৰে চিমলাত এটা শিৱ মন্দিৰ খহি মৃত্যু মুখত পৰে ৯ জন লোকৰ। চোলান অঞ্চলত ডাৱৰ বিস্ফোৰণ মৃত্যু হয় সাতজনকৈ লোকৰ ।
ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযানত ৰাজ্য আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীক ব্যৱহাৰ কৰিছে ৷ ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত ইটোৰ পাছত সিটোকৈ অব্যাহত থকা ভূমিস্খলনৰ ফলত বহু গছ-গছনি, ঘৰ- দুৱাৰ বাগৰি পৰাত এই পৰ্যন্ত ১,২২০ টা পথ বন্ধ হৈ আছে ৷ একপ্ৰকাৰ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷
অৱশ্যে ৰাজ্য প্ৰশাসনে ক্ষীপতাৰে যাতায়াতৰ বাবে সুচল কৰি তুলিছে প্ৰায় ৪০০ টা পথ ৷ পৰ্বতীয়া ৰাজ্য খনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ,ইতিমধ্যে বিধ্বস্ত হৈ পৰা পথ সমূহ শীৰ্ঘেই মুকলি কৰাৰ বাবে সংশ্লিষ্ট বিভাগে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰাখিছে ৷