Deadboy Recovered In Boragaon:মহানগৰীৰ বৰাগাঁঁৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ ওপৰত উদ্ধাৰ মৃতদেহ

হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ

deadbody recoverd

Deadboy Recovered In Boragaon:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ইটোৰ পাছত সিটোকৈ অপৰাধজনিত ঘটনা ৷ সঘনাই য’তে ত’তে ওলাইছে মৃতদেহ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷

মহানগৰীৰ বৰাগাঁওৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিয়মান উৰণীয়া সেঁতুৰ ওপৰত উদ্ধাৰ হয় এটি মৃতদেহ ৷পাছত স্থানীয়লোকে মৃতদেহটো ই- ৰিক্সাচালক ডিপু বুলি চিনাক্ত কৰে ৷

উল্লেখ্য যে,ই- ৰিক্সাচালৰ ডিপু শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট ৰূপত প্ৰত্যক্ষ কৰি স্থানীয় লোকে হত্যাকাণ্ড বুলি সন্দেহ কৰে ৷ নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি এন্ধাৰৰ সূযোগ লৈ উৰণীয়া সেঁতুৰ ওপৰত পেলাই থৈ যায় ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ গড়চুক আৰক্ষীৰ ক্ষীপ্ৰ তদন্তহে নিশ্চিত কৰিব মৃত্যুৰ কাৰণ।

Exit mobile version