Bokajan Drugs Recovery:ড্ৰাগছৰ বিৰুদ্ধে বোকাজান মহকুমা আৰক্ষী দুটাকৈ সফল অভিযান

bokajan

Bokajan Drugs Recovery:

আজি দিনটোত ড্ৰাগছৰ বিৰুদ্ধে বোকাজান মহকুমা আৰক্ষীয়ে দুটাকৈ সফল অভিযান চলাবলৈ সক্ষম হয়।

এক বিশেষ সূত্ৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান,উক্ত অভিযানত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত ১০মাইলত এটা সৰবৰাহকাৰীৰ পৰা ৪৬ টা চাবোনৰ বাকচত প্ৰায় ৫৪৩গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে ধৃত সৰবৰাহকাৰী সৰুপথাৰৰ সঞ্জু আলিক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে ।

জানিব পৰা অনুহৰি জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য ৪কোটি মান হ’ব বুলি অনুমান কৰিছে ।

আনহাতে, খটখতি আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ বাচবাড়িত এটা ঘৰত তালাচী চলাই ৫৮.৮১গ্ৰাম হেৰ’ইণ জব্দ কৰাৰ লগতে জুষ্ণা খাতুন আৰু হোজাই জিলাৰ দিলৱাৰ হুছেইন নামৰ দুজনক আটক কৰিছে । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য ১০লাখতকৈ অধিক হব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Exit mobile version