Pm Modi Speech In Parliament:যি কথা নহ’ল কোৱা !
# প্রাঞ্জলসেন ডেকা
তু ইধৰ ওধৰ কী ন বাত কৰ য়ে বতা কি কাফিলা কিউঁ লুটা মুঝে ৰহজনৌ ছে গিলা নহী তিৰি ৰহবৰী কা ছৱাল হে
-ছহাব জাফ্রী
(ঘূৰাই পকাই কথা নক’বা মৰুযাত্রী দলক কিয় লুটিলা তাকে কোৱা ডকাইতক লৈ মোৰ কোনো অভিযোগ নাই, প্রশ্ন তোমাৰ নেতৃত্বক লৈহে )
অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত দিয়া ভাষণৰ দুশাৰীকে আওৰাইছে। যোৱা তিনিমাহৰ অধিক সময় ধৰি গোষ্ঠী হিংসাত জ্বলি থকা মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ যথোচিত পদক্ষেপ গ্রহণ দূৰৰে কথা, ৰাজ্যবাসীক শান্তিৰ বাবে এবাৰলৈও প্ৰধানমন্ত্ৰীয়ে আহ্বান নজনালে। এই সম্পৰ্কত বাৰম্বাৰ দাবীৰ পাছতো তেওঁ কোনো সঁহাৰি নিদিয়াত বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বাধ্য হয়।
দৰাচলতে মণিপুৰৰ এই ভয়াৱহ গোষ্ঠী সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰা এক ইতিবাচক পদক্ষেপ কেৱল বিৰোধীয়ে নহয়, সমগ্র দেশবাসীয়ে আগ্ৰহৰে বিচাৰিছিল; কিন্তু ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে কোনো ৰহস্যজনক কাৰণত মোদীয়ে মণিপুৰৰ সন্দৰ্ভত আশ্চর্যজনক নীৰৱতা অৱলম্বন কৰে।
অৱশেষত অনাস্থা প্রস্তাব উত্থাপনৰ ফলস্বৰূপে প্রধানমন্ত্রীয়ে লোকসভাত দুঘণ্টা ১৭ মিনিটজোৰা সুদীর্ঘ ভাষণ প্রদান কৰে যদিও মণিপুৰৰ সম্পৰ্কত আকাংক্ষিত প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল। ভাষণৰ প্ৰথম ডেৰঘণ্টাৰ অধিক সময় তেওঁ নিজৰ চৰকাৰৰ বিগত চাৰে ন বছৰীয়া কাৰ্যকালৰ সাফল্যৰ দাবী কৰাৰ বিপৰীতে বিৰোধী, ঘাইকৈ কংগ্ৰেছক বিভিন্ন ঠাট্টা-বিদ্রূপৰে থকা-সৰকা কৰে।
আশা আছিল মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্রধানমন্ত্ৰীয়ে সময় নির্ধাৰিত ব্যৱস্থা গ্ৰহণৰ বিষয়ে ঘোষণা কৰিব। লগতে প্রয়োজন সাপেক্ষে সর্বদলীয় প্রতিনিধি দলক নেতৃত্ব দি তেওঁ মণিপুৰ ভ্ৰমণ কৰিব আৰু ৰাজ্যবাসীক সান্ত্বনা প্ৰদান কৰাৰ উপৰি পৰিস্থিতি নিয়ন্ত্ৰণক লৈ আশ্বস্ত কৰিব। এই অনাস্থা প্ৰস্তাৱৰ বিষয় আছিল মণিপুৰহে। তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে ইয়াক বিৰোধীক সমালোচনা কৰাৰ সুযোগৰূপেহে গ্ৰহণ কৰিলে। নির্বাচনী সমাবেশত দিয়া ভাষণতকৈ কোনোগুণে কম নাছিল মোদীৰ এই ভাষণ। বিৰোধীৰ নৱগঠিত মৰ্চা ‘ইণ্ডিয়া’ক লৈ অস্বস্তিও যেন মোদীৰ এই ভাষণতে ওলাই পৰিল।
বিজেপিয়ে সততে দাবী কৰি আহিছে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বিভিন্ন ভুল পদক্ষেপৰ পৰিণতিত দেশৰ বিভিন্ন ক্ষেত্ৰত সমস্যা জটিল হৈছে; কিন্তু বিগত দুটাকৈ কাৰ্যকাল কেন্দ্ৰত মোদীৰ নেতৃত্বত বিজেপি চৰকাৰেই অধিষ্ঠিত হৈ আছে। তদুপৰি বহুকেইখন গুৰুত্বপূৰ্ণ ৰাজ্যত বিজেপিয়ে চৰকাৰ চলাই আহিছে। তেনেদৰেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কংগ্ৰেছমুক্ত হৈ পৰিছে ।
এতিয়া সমস্যাসমূহ জটিল কৰি তুলিবলৈ কংগ্ৰেছ শাসনতে নাই! তৎসত্ত্বেও দেশৰ যিকোনো প্ৰান্তত উদ্ভৱ হোৱা যিকোনো সমস্যাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰি নিজে দায়িত্বৰ পৰা মূৰপোলোকা মাৰিব খোজাটো গ্রহণযোগ্যনে? কংগ্ৰেছৰ অপশাসনত অতিষ্ঠ হৈয়ে দেশবাসীয়ে মোদীৰ নেতৃত্বত আস্থা স্থাপন কৰি একেৰাহে দুবাৰকৈ পূৰ্ণ সংখ্যাগৰিষ্ঠতা অৰ্পণ কৰিছে। তাৰ পাছতো প্ৰতিটো বিষয়তে কংগ্ৰেছক দোষাৰোপ কৰিবলৈ গৈ নিজৰ ব্যৰ্থতাহে উদঙাই দিয়া নহৈছেনে ? যেন সফল হ’লে ডবল ইঞ্জিন, ব্যর্থ হ’লে কংগ্ৰেছ !
অনাস্থা প্ৰস্তাৱৰ মূল বিষয়টোৱে আছিল যোৱা তিনিমাহে প্রধানমন্ত্রী মোদীয়ে আখ্যা দিয়া অষ্টলক্ষ্মীৰ অন্যতম মণিপুৰ জ্বলি থকাৰ সময়তো কিয় এবাৰলৈ ভ্ৰমণ কৰাৰ প্ৰয়োজন অনুভৱ নকৰিলে। কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত উলম্ব বিভাজন ঘটি মণিপুৰ ইতিমধ্যে সম্পূর্ণ দুভাগত বিভক্ত হৈছে।
চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি নিম্ন পর্যায়লৈকে আৰু তেনেদৰেই সামাজিক ক্ষেত্ৰতো কুকি আৰু মেইটেইৰ মাজত বৃহৎ বিভাজন ঘটিছে। কুকিসকলে ইতিমধ্যে পৃথক ৰাজ্য অথবা পৃথক প্ৰশাসনৰ দাবী জোৰদাৰ কৰিছে আৰু চৰকাৰ এই দাবীত সেও মানিবলৈ বাধ্য হোৱাৰ সম্ভাৱনাই পৰিস্ফুট হৈছে।
এনে উমঘাম দেখিয়েই ৰাজ্যখনৰ কমেও চাৰিখন জিলাত সংখ্যাগৰিষ্ঠ নগাসকলেও তেওঁলোকৰ দাবী পুনৰ উত্থাপন কৰি সক্ৰিয় হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স’তে এনএছচিএন (ইশ্বাক-মুইভা) গোটৰ আলোচনাত উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ নগা অধ্যুষিত অঞ্চলক সামৰি বৃহত্তৰ নাগালিম গঠনৰ দাবী উত্থাপন হৈছে। সম্প্ৰতি মণিপুৰৰ নগাসকলেও এই দাবীতেই সৰৱ হৈছে।
কুকি অথবা মেইটেইসকলৰ স্বাৰ্থপূৰণ কৰিবলৈ গৈ যাতে নগাসকলৰ ক্ষতি কৰা নহয়, তাকে নিশ্চিত কৰিবলৈ তেওঁলোক তৎপৰ হৈছে। এনে পৰিপ্ৰেক্ষিতত মণিপুৰৰ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। অকল সেয়েই নহয়, কেন্দ্ৰীয় বাহিনী অসম ৰাইফলছক ৰাজ্যখনৰ পৰা আঁতৰ কৰিবলৈ মণিপুৰ চৰকাৰৰ লগতে বিজেপি বিধায়কসকলেও প্রধানমন্ত্ৰীক দাবী জনাইছে ।
ইয়াৰ বিপৰীতে কুকি বিধায়কসকলে অসম ৰাইফলছৰ সপক্ষে স্মাৰকপত্ৰ প্ৰদান কৰিছে। এনেবোৰ ঘটনাই ৰাজ্যখনৰ পৰিস্থিতিৰ জটিলতাৰে ইংগিত দিয়ে তৎসত্ত্বেও প্রধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ পৰিৱৰ্তে তেওঁ ৫০ বাৰ আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে চাৰিবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ হিচাপহে দাঙি ধৰিলে।
অথচ সাম্প্ৰতিক বিপর্যয়ৰ সময়ত মণিপুৰ ভ্ৰমণ কৰাটো দূৰৰে কথা, টু শব্দ এটাও উচ্চাৰণ কৰাৰ পৰিৱৰ্তে তেওঁ দেশে-বিদেশে আত্মপ্ৰচাৰতহে ব্যস্ত থকাহে পৰিলক্ষিত হ’ল।
ভাৰতৰ যিকোনো ক্ষেত্ৰত অগ্ৰগতিয়ে দেশবাসীক আনন্দিত আৰু গর্বিত কৰি তোলাই স্বাভাৱিক; কিন্তু মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ আৰ্থিক বিকাশৰ দাবীয়ে যে কোনো ধৰণেই সহায় নকৰে, সেই কথা কোনেও নুবুজাকৈ থকা নাই।
ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হওক অথবা তৃতীয় হওক, ইয়ে মণিপুৰৰ জুই নুমুৱাব কিদৰে? ভাষণত এনেবোৰ তথ্য দাঙি ধৰা হয় মূল বিষয়ৰ পৰা দৃষ্টি আঁতৰ কৰিবলৈহে, পৰিস্থিতি নিয়ন্ত্ৰণত ই কোনো ধৰণে সহায় নকৰে। যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহ উদিত সূৰ্য আৰু উত্তৰ-পূৰ্বাঞ্চল ইয়াৰ মধ্যমণি হ’ব, তেন্তে তিনিমাহ ধৰি ইয়াৰে এখন ৰাজ্যক এনেদৰে জ্বলিবলৈ এৰি দিয়া হ’ল কিয় ?
মণিপুৰৰ পৰিস্থিতি সম্পৰ্কত গৃহমন্ত্রী অমিত শ্বাহে ইতিমধ্যে সকলো বিষয় দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। গৃহমন্ত্ৰী শ্বাহে চুবুৰীয়া ম্যানমাৰৰ পৰা প্ৰৱেশ কৰা কুকি সংগঠনৰ সদস্যই মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি সদৰী কৰিছে। এই দাবী কেৱল বিজেপি নেতৃত্বাধীন এনডিএৰ সহযোগী দলৰ সাংসদেই নহয়, ম্যানমাৰৰ চৰকাৰেও প্ৰতিবাদ কৰি ইয়াক সম্পূৰ্ণৰূপে অশুদ্ধ আৰু অসত্য আখ্যা দিছে।
তদুপৰি যদি শ্বাহৰ তথ্য সত্য বুলিও ধৰি লোৱা হয়, তেতিয়াও ই কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ বাৰ্চিত ‘ডবল ইঞ্জিন’ চৰকাৰৰ চূড়ান্ত ব্যর্থতাকে উদঙাই দিয়া নাই নে? যদি ম্যানমাৰৰ পৰাই অনুপ্ৰৱেশকাৰীয়ে আহি এই দেশত ধাৰাবাহিকভাৱে কূটাঘাত সংঘটিত কৰিবলৈ সক্ষম হয়, তেন্তে চীন-পাকিস্তান আদি সীমান্তত কেনে অৱস্থা হ’বগৈ পাৰে? এনে ব্যর্থতা স্বীকাৰ কৰি গৃহমন্ত্ৰী শ্বাহে পদত্যাগপত্রহে দাখিল কৰাটো বাঞ্ছনীয়।
উত্তৰ-পূৰ্বাঞ্চলক অৱহেলা কৰা বুলি বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্রী মোদীয়ে তিনিটা প্ৰসংগ উল্লেখ কৰে। ১৯৬২ৰ চীনা আক্ৰমণৰ সময়ত তদানীন্তন প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰেডিঅ’ বার্তাযোগে ‘অসমৰ স’তে মোৰ হৃদয় আছে বুলি কোৱাৰ প্ৰসংগ তেওঁ উনুকিয়াই। মোদীয়ে কয় যে নেহৰুৱে সেইসময়ত অসমৰ মানুহক নিজৰ ভাগ্যৰ হাতত এৰি দিয়াৰ কথাই আজিও অসমৰ মানুহক ব্যথিত কৰে।
আমোদজনক কথা যে নেহৰুৰ উক্ত ৰেডিঅ’ বাৰ্তাক লৈ বিগত দশকবোৰত অসমত যথেষ্ট চৰ্চা হৈ গৈছে। নিজ নিজ প্রয়োজন আৰু বাধ্যবাধকতা অনুসৰি বিভিন্ন পক্ষই ইয়াৰ ব্যাখ্যা আগবঢ়াই আহিছে। মোদীও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। কংগ্ৰেছৰ প্ৰতি এচামৰ বিৰাগ ভাজনৰ আঁৰত এই বার্তাই বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে।
তেনেদৰেই ১৯৬৬ৰ পাঁচ মাৰ্চত ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গেৰে মিজোৰামত বোমাবর্ষণ কৰাৰ প্ৰসংগত উত্থাপন কৰি মোদীয়ে তদানীন্তন ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰে। অসহায় নাগৰিকৰ ওপৰত এনেদৰে বোমাবর্ষণ কৰাৰ শোক আজিও মিজোসকলে পাহৰা নাই বুলি তেওঁ সোঁৱৰাই দিয়ে।
কংগ্ৰেছে কেতিয়াও এই ঘটনাৰ বাবে মিজোসকলক সান্ত্বনাতো দিয়াই নাই, বৰঞ্চ এই ঘটনা দেশবাসীৰ পৰা লুকুৱাইছিল বুলি মোদীয়ে আঙুলিয়াই দিয়ে। পৰৱৰ্তী পৰ্যায়ত ই ৰাজনীতিৰ পাশা খেলৰ মোহৰা হৈ পৰিলেও উক্ত ঘটনাৰ তাৎক্ষণিক পৰিস্থিতি বুজিবলৈ ১৯৬৬ৰ মাৰ্চত প্ৰকৃততে কি হৈছিল, তাক বুজাৰ প্ৰয়োজন আছে।
অসম চৰকাৰৰ বিমাতৃসুলভ আচৰণৰ অভিযোগ তুলি তেতিয়া মিজো পাহাৰত অসন্তুষ্টিয়ে গা কৰি উঠিছিল। বিশেষকৈ ১৯৫৯ত হোৱা দুৰ্ভিক্ষজনিত পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰৰ আওকণীয়া মনোভাব আৰু ১৯৬০৩ মিজো ভাষাক গুৰুত্বহীন কৰি অসমীয়া ভাষাক ৰাজ্যভাষাৰ মৰ্যাদা প্রদানে মিজোসকলৰ মাজত ক্ষোভ বৃদ্ধি কৰে।
ইয়াৰ প্ৰতিবাদতে প্রথমে মিজো সংগঠনসমূহে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰে আৰু পাছলৈ বিচ্ছিন্নতাবাদী মিজো নেছনেল ফ্রন্টে স্বাধীনতাৰ দাবীৰে ব্যাপকভাৱে সংগঠিত হৈ উঠে। ১৯৬৬ৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে মিজো পাহাৰত বৃহৎ পৰিসৰত হিংসাত্মক ঘটনাৰ সূত্রপাত ঘটে।
এমএনএফৰ সশস্ত্র বাহিনী মিজো নেছনেল আমিয়ে ৰাজধানী আইজলৰ উপৰি লুংলেই, ভাইৰেংটে, চাণ্টেকে ধৰি অধিকাংশ স্থানতে চৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্রতিষ্ঠানসমূহক একে সময়তে আক্ৰমণৰ লক্ষ্য কৰি লয়। ২৮ ফেব্ৰুৱাৰীত লুংলেইৰ ৰাজহ বিষয়াৰ কাৰ্যালয়ত প্ৰথমটো আক্রমণ সংঘটিত কৰে সশস্ত্ৰ উগ্ৰপন্থীয়ে।
একে দিনাই সহস্রাধিক মিজো নেছনেল আমিৰ সদস্যই লুংলেইৰ অসম ৰাইফলছৰ চকীত আক্ৰমণ কৰাৰ সমান্তৰালভাৱে নিশা আইজলৰ কোষাগাৰত আক্ৰমণ কৰি তাত মজুত থকা নগদ ধন, অস্ত্র-শস্ত্ৰ আদি হস্তগত কৰে। অসমৰ বৰাক উপত্যকাইদি মিজো পাহাৰলৈ যোৱা প্রবেশ পথত থকা প্রথমখন মিজো গাঁও ভাইৰেংটেত আইজল অভিমুখী পথ বন্ধ কৰি দিয়া হয়।
(স্মর্তব্য যে এই ভাইৰেংটেতে যোৱা ২০২১ত মিজোৰাম আৰু অসম আৰক্ষীৰ মাজত সীমান্ত বিবাদক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সূত্রপাত ঘটে। উক্ত ঘটনাত অসম আৰক্ষীৰ ছজনকৈ জোৱান ছহিদ হোৱাৰ লগতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকো গুলিবিদ্ধ হয়।) এই পথত থকা দলং বোমাৰে উৰুৱাই দি আৰু বৃহৎ গছ কাটি বগৰাই দি পথছোৱাৰে যাতায়াত বন্ধ কৰি দিয়ে এমএনএফৰ সশস্ত্ৰ দলে।
তাৰ কেইঘণ্টামান পাছতে পহিলা মাৰ্চত এমএনএফ-এ মিজোৰামক স্বাধীন ঘোষণা কৰে। বিদ্রোহী নেতা লালডেংগা প্ৰমুখ্যে ৬০জন নেতাই এই ঘোষণা পত্ৰত স্বাক্ষৰ কৰি বিশ্বৰ অন্যান্য দেশলৈ মিজোৰামৰ স্বাধীনতাক স্বীকৃতি প্ৰদানৰ আহ্বান জনায়। ইতিমধ্যে মিজোৰামৰ অধিকাংশ অঞ্চলকে সশস্ত্র বিদ্রোহীয়ে নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সক্ষম হয়।
পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ ফলত অসম চৰকাৰে দুই মাৰ্চত মিজো পাহাৰ জিলাক অশান্ত অঞ্চলৰূপে ঘোষণা কৰে। লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনীক দায়িত্ব অর্পণ কৰে। সেইদিনাই শিলচৰৰ পৰা ৬১ মাউণ্টেইন বিগ্ৰেডৰ এটি কোম্পানী আইজল অভিমুখে ৰাওনা হয়। তিনি মাৰ্চত হেলিকপ্টাৰৰে আইজলত ভাৰতীয় সেনা জোৱানক নমোৱা হয়।
অৱশ্যে সশস্ত্ৰ বিদ্ৰোহীৰ বাৰম্বাৰ আক্ৰমণৰ পাছতো আইজলাস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ভাগি পৰা নাছিল। ইয়াৰ বাহিৰে আইজল চহৰ সম্পূৰ্ণৰূপে এমএনএফৰ নিয়ন্ত্ৰণলৈ যায়। সেনাৰ আগমনৰ লগে লগে চাৰি মাৰ্চৰ পৰা সাধাৰণ বাসিন্দাসকলে আইজল চহৰ এৰি অন্য স্থানলৈ যাত্ৰা আৰম্ভ কৰে। এনেদৰে এমএনএফৰ স্বাধীনতা ঘোষণা আৰু মিজো পাহাৰ বিচ্ছিন্ন হৈ পৰাৰ উপক্ৰম দেখিও পৰিস্থিতি নিয়ন্ত্রণলৈ অনাটো সম্ভৱ হোৱা নাছিল।
ইতিমধ্যে হাতৰ পৰা সময় ওলাই যোৱা দেখি পাঁচ মাৰ্চত ভাৰতীয় সেনাবাহিনীৰে আলোচনামৰ্মে বায়ু সেনাৰ চাৰিখন বিমানে মিজো পাহাৰৰ বিভিন্ন স্থানত এমএনএফৰ ঘাটিত বোমাবর্ষণ কৰে। পাছদিনাও অব্যাহত থকা এই আক্রমণ বিচ্ছিন্নতাবাদী সংগঠনৰ বিৰুদ্ধেই আছিল যদিও স্বাভাৱিকতে সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ ক্ষতিসাধন হয়।
নিজ দেশৰে অসামৰিক অঞ্চলত বায়ুসেনাৰ এই অভিযানেই প্ৰথম আৰু একমাত্র ঘটনা। আইজলৰ প্ৰধান বজাৰ অঞ্চল বোমাত জুলি ভস্মীভূত হয়। তেনেদৰেই ২৫ মাৰ্চৰ ভিতৰত এমএনএফ-এ দখল কৰা সকলোবোৰ কাৰ্যালয় আৰু অঞ্চল ভাৰতীয় সেনাই পুনৰুদ্ধাৰ কৰে।
অৱশ্যে কেন্দ্ৰীয় চৰকাৰে বায়ুসেনাৰ এই অভিযানৰ কথা অস্বীকাৰ কৰে। এক বিদেশী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে কেৱল কয় যে বায়ুসেনা বাহিনীৰ বিমানৰ জৰিয়তে সৈন্য আৰু তেওঁলোকৰ সামগ্রী পেৰাড্রপ কৰিছে। সেই বোমাবর্ষণে মিজো সশস্ত্র বিদ্রোহ দুৰ্বল কৰি পেলালেও অঞ্চলটোলৈ শাস্তি ঘূৰি অহা নাছিল।
পৰৱৰ্তী দুটা দশক ধৰি মিজোৰামত হিংসা অব্যাহত থাকে। ১৯৮৬৩ তদানীন্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স’তে হোৱা শাস্তি চুক্তি অনুসৰি মিজোৰাম ৰাজ্য গঠনৰ পাছতহে হিংসাৰ অন্ত পৰে আৰু ক্ৰমশ স্বাভাবিক অৱস্থা ঘূৰি আহে। ২০ বছৰ পূৰ্বে স্বাধীনতা ঘোষণা কৰি এমএনএফৰ পতাকা উত্তোলন কৰা স্থানতে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি সংগঠনটোৰ মুৰব্বী বিদ্রোহী নেতা লালডেংগাই ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।
১৯৬৬ৰ মাৰ্চত দেশৰে এটা অঞ্চলত বিচ্ছিন্নতাবাদী শক্তিয়ে অবৈধ অস্ত্ৰৰ বলত স্বাধীনতা ঘোষণা কৰাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিকভাৱে গ্ৰহণ কৰা পদক্ষেপক সাম্প্ৰতিক প্ৰেক্ষাপটত কিদৰে চোৱা যাব তাক লৈ দ্বিমত নিশ্চয় থাকিব। চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ মণিপুৰেও যাতে মিজোৰামৰ দৰে বিচ্ছিন্নতাৰ পথ গ্ৰহণ নকৰে তালৈ দৃষ্টি ৰখাৰ প্ৰয়োজন।
সি যি কি নহওক, সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মণিপুৰৰ অশাস্তিক লৈ সর্বোচ্চ ন্যায়ালয়ৰ উদ্বেগ। ৰাজ্যখনৰ স্বয়ং শাসকীয় বিজেপিৰে মন্ত্ৰী-বিধায়ক, বিৰোধী, শিল্পী-সাহিত্যিক-বুদ্ধিজীবী-ক্রীড়াবিদ, সামাজিক সংগঠনৰ লগতে দেশে- বিদেশে মণিপুৰৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশৰ পাছতো প্রধানমন্ত্রী মোদী নিস্পৃহ হৈ থাকিলেও অৱশেষত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এই সম্পৰ্কত গোচৰ গ্ৰহণ কৰিবলৈ বাধ্য হয়।
ৰাজ্যখনত আইন-শৃংখলা সম্পূর্ণৰূপে ভাগি পৰিছে বুলি উল্লেখ কৰাতে ক্ষান্ত নাথাকি সর্বোচ্চ ন্যায়ালয়ে আৰক্ষী বাহিনীক চৰম ভর্ৎসনা কৰে। চৰকাৰৰ সদিচ্ছা নেদেখি উচ্চতম ন্যায়ালয়ে তিনিগৰাকীকৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এখন কমিটী গঠন কৰি দিয়ে ৰাজ্যখনৰ সামগ্রিক পৰিস্থিতি নিৰীক্ষণৰ বাবে। মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে মণিপুৰৰ হিংসাক লৈ যি বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে,
তালৈ চাই চৰকাৰৰ কোনো অস্তিত্বই যে নাই সেই কথাই প্রতীয়মান হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ‘ডবল ইঞ্জিন’ চৰকাৰৰ কোনো প্রচেষ্টা নেদেখি বিৰোধীয়ে দায়িত্ব পালন কৰি বিগত তিনিমাহ ধৰি একেখিনি দাবীকে উত্থাপন কৰি আহিছে, যি লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সময়তো কৰিছে।
অথচ মণিপুৰৰ বিজেপি আৰু ইয়াৰ সহযোগী দলৰ দুই সাংসদক নিজ ৰাজ্যখনৰ পৰিস্থিতিৰ সম্পৰ্কে এষাৰ কথাও কোৱাৰ সুযোগ নিদিলে। ইয়াৰ জৰিয়তে বিজেপিয়ে কি লুকুৱাব বিচাৰিছে সেই প্রশ্ন থাকি গ’ল।
প্রধানমন্ত্রী মোদীয়ে বিৰোধীৰ সংখ্যা কম হোৱাক লৈ ভাষণত কটাক্ষ কৰিছে; কিন্তু এই কথা ঠিক যে জ্বলন্ত বিষয়টো উত্থাপন কৰি বিৰোধীয়ে নিজৰ দায়িত্ব পালন কৰিলে। অথচ প্রধানমন্ত্রী মোদীয়ে দেশবাসী আশ্বস্ত হ’ব পৰাকৈ মণিপুৰৰ সম্পৰ্কত আকাংক্ষিত বক্তব্য দাঙি ধৰিব নোৱাৰিলে।
ফোন: ৯৪৩৫০১০৬৭৩