Attack on MLA Prasanta Phukan’s vehicle In Dibrugarh:ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্রমণ

২০০ জনীয়া গুণ্ডাবাহিনীৰ দলবদ্ধ আক্রমণ, আক্ৰমণত আহত ৫ নং ৱাৰ্ডৰ কমিছনাৰ দিব্যজ্যোতি হাজৰিকা, গুণ্ডাবাহিনীৰ নেতৃত্ব দিয়া মদন শ্বাহৰ সন্ধানত আৰক্ষীৰ অভিযান

prasanta phukan

Attack on MLA Prasanta Phukan’s vehicle In Dibrugarh:

ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্রমণ। পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত বিভাগীয় বৈঠকত অংশ লৈ বিধায়ক গৰাকী নিজৰ গাড়ীত উঠিব লওতেই গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰে বিধায়কৰ গাড়ীত।

আনহাতে গুণ্ডা বাহিনীৰ দলে শাৰীৰিকভাৱে আক্ৰমণ কৰে ৫নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ দিব্যজ্যোতি হাজৰিকাক। দিব্যজ্যোতি হাজৰিকাৰ চোলা ফালি আক্ৰমণ কৰে। এই আক্ৰমণত আহত হয় দিব্যজ্যোতি। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ডিব্ৰুগড়ত ৷

ইপিনে এই ঘটনা সন্দৰ্ভত ডিব্ৰুগড় পৌৰসভাৰ কৰ্তৃপক্ষই ডিব্ৰুগড় থানাত এজাহাৰ দাখিল কৰি এই ঘটনাৰ স’তে মদন শ্বাহ জড়িত থকাৰ কথা উল্লেখ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে মদন শ্বাহৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও শ্বাহ তেওঁ সংগী সকল পলায়ন কৰিছে ৷

উল্লেখ্য যে,ডিব্ৰুগড় পৌৰসভাৰ সভাগৃহত স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত পৌৰ কমিচনাৰ সকলৰ এক বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠক চলি থকা সময়তে পৌৰসভাৰ চৌহদত প্ৰায় দুশ গুণ্ডা লৈ মদন শ্বাহ নামৰ মাফিয়াটোৱে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷

মনকৰিবলগীয়া যে,মদন শ্বাহ নামৰ মাফিয়াটোৱে পৌৰ সভাৰ নাম লৈ চহৰ খনৰ পদ পথৰ দোকানীৰ পৰা পৌৰ কৰৰ নামত সংগ্ৰহ কৰিছিল অবৈধ মাচুল

এই সন্দৰ্ভত পৌৰসভা অৱগত হোৱাৰ পাছতে শনিবাৰে স্থানীয় বিধায়ক আৰু ৱাৰ্ড কমিচনাৰৰ উপস্থিতিত অনুষ্ঠিত হয় এক বৈঠক ৷

শেহতীয়া খবৰ অনুসৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুণ্ডা মদন শ্বাহক। পৌৰসভাৰ কাৰ্যালয়ত বৈঠক চলি থকাৰ সময়তে আক্ৰমণ কৰিছিল বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত।

Exit mobile version