Bajali Child Murder: বজালীত নৃশংস অমানবীয় কাণ্ড !

১১ দিনীয়া কন্যা সন্তানক চাৰি লাখ টকাত বিক্ৰীৰ চেষ্টা পাষাণ পিতৃৰ, বিক্ৰী কৰিব নোৱাৰি নৃশংসভাৱে হত্যা কৰি পুতি থ'লে গাঁতত , বৰ্তমান পলাতক পাষাণ পিতৃ নিৰঞ্জন মালাকাৰ

childhood

Bajali Child  Murder:

বজালীৰ ডুবি মালিপাৰাত চাঞ্চল্যকৰ অমানৱীয় ঘটনা। পাষাণ পিতৃয়ে নিজৰ এঘাৰদিনীয়া কন্যা সন্তানক নৃশংসভাৱে হত্যা কৰা দৰে মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোত ৷

উল্লেখ্য যে, ১১ দিনীয়া কন্যা সন্তানক ৪ লাখ টকাত বিক্ৰী কৰাৰ বাবে যো–জা কৰিছিল পাষাণ পিতৃ নিৰঞ্জন মালাকাৰে।

অৱশ্যে পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে জ্ঞাত হোৱাৰ পাছত এই প্ৰচেষ্টা পৰিত্যাগ কৰে নিৰঞ্জন মালাকাৰে ৷

ইয়াতে ক্ষুব্ধ হৈ পৰে মালাকাৰ ৷ পাছত বিক্ৰী কৰিব নোৱাৰি দেৱ শিশুটিক হত্যা কৰি গাতত পুতি থৈ পলায়ণ কৰে পাষাণ পিতৃ নিৰঞ্জন মালাকাৰ।

ইতিমধ্যে এই নৃশংস ঘটনাৰ পাছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ পাষাণ পিতৃ নিৰঞ্জন মালাকাৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে দেৱশিশুটিৰ মৃতদেহ গাঁতৰ পৰা উলিয়াই ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰে  ৷

Exit mobile version