Rhino Carcass Found In Manas National Park:
বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটি গঁড়ৰ মৃত্যুৰ ঘটনা আজি পোহৰলৈ আহিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত মৃত্যু হোৱা মতা গঁড়টোৰ মৃতদেহ আজি উদ্ধাৰ হৈছে, লগতে বন বিভাগে গঁড়টোৰ খৰ্গটোৰ উপৰি নখ,দাঁত আদিও সংগ্ৰহ কৰিছে মৃতদেহটোৰ পৰা ৷
মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে জনোৱা অনুসৰি ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ বন শিৱিৰৰ পৰা নাতিদূৰৈৰ এক স্থানত আজি পুৱা প্ৰায় ৭-৩০ বজাত হাতীৰে যোৱা তহলদাৰী বনৰক্ষীৰ দৰে প্ৰত্যক্ষ কৰে গঁড়টোৰ অৰ্ধগলিত মৃতদেহ ৷
সেই অনুসৰি পাঁচদিনমান পূৰ্বেই গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱা বুলি সদৰি কৰে মানাহৰ ক্ষেত্ৰ সঞ্চালক আৰু বন বিভাগৰ চি এইচ ডি গৰাকীয়ে৷ লগতে গঁড়টোৰ খৰ্গ, আটাইকেইটা নখ, দাঁত আদিও অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি কৈ সেয়া সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে ৷
উল্লেখযোগ্য যে মৃত গঁড়টো ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৮ নং মতা গঁড় বুলি জানিব পৰা গৈছে ৷ গঁড়টো ২০০৯ চনতে কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ পৰা মানাহলৈ স্থানান্তৰ কৰা হৈছিল ৷ উদ্ধাৰ হোৱা মৃত গঁড়টোৰ খৰ্গটো ইয়াৰ পাচতে কোষাগাৰলৈ প্ৰেৰণ কৰিব বুলিও জনায় মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷