Asia’s Oldest Domestic Elephant Bijli Prasad Passes Away:এছিয়াৰ বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ দেহাৱসান

মিয়ম্ৰাণ উইলিয়াম মেগৰ কৰ্তৃপক্ষ আৰু প্ৰকৃতিপ্ৰেমী

domectric elephant

Asia’s Oldest Domestic Elephant Bijli Prasad Passes Away:

বৃটিছ চাহ গোষ্ঠী জৰ্জ উলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক ৰূপে চিহ্নিত এছিয়াৰ বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ আজি পুৱতি নিশা ৮৯ বছৰ বয়সত দেহাৱসান৷

উল্লেখ্য যে ত্ৰিশ- চল্লিশ দশকতে দিকৰাই চাহ বাগিচাৰ পৰা পোৱালী অৱস্থাতে বৰগাং চাহ বাগিচালৈ অনা হৈছিল ঘৰচীয়া হাতীটোক ৷ পৰৱৰ্তী সময়ত সকলোৰে মাজত পৰিচিত হৈ পৰে বিজুলী প্ৰসাদ নামেৰে ৷

আনহাতে বৰগাং চাহ বাগিচা বিক্ৰী হৈ যোৱাৰ পাছত হাতীটো অনা হয় শোণিতপুৰ জিলাৰ বিহালী চাহ-বাগিচাত ৷ ইয়াতে মৃত্যু পৰ্যন্ত অতিবাহিত কৰে এছিয়া বিখ্যাত বিজুলী প্রসাদে ৷

উল্লেখযোগ্য বিজুলী প্ৰসাদৰ দাঁত চাৰিবাৰকৈ কটা হৈছিল ৷ আজি পুৱতি নিশা শীতল মৃত্যুৰ কোলাত শুই পৰা বিজুলী প্ৰসাদৰ মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ উপস্থিত হয় বৰগাং বানাঞ্চলিক বিষয়া চক্ৰপাণি ৰয় নেতৃত্বত এটা বন বিভাগৰ দলে ৷

বিভাগীয় নিয়ম অনুসৰি মৰনোত্তৰ পৰীক্ষা আৰু দাঁত কটাৰ পাছতে সমাধিস্থ কৰা হয় হাতীটোক ৷ বহুতৰে স্মৃটি জড়িত বিজুলী প্রসাদৰ মৃত্যুত মিয়ম্ৰাণ হৈ পৰে বিহালী চাহ-বাগিচাৰ কৰ্তৃপক্ষ উইলিয়াম মেগৰৰ বিষয়া- কৰ্মচাৰী, বাগিচাৰ লোকসকল আৰু প্ৰকৃতিপ্ৰেমী ৷

Exit mobile version