Chandrayaan-3 Landing On The Moon:চন্দ্ৰত অৱতৰণ কৰা চন্দ্ৰযান-৩ৰ

বিক্ৰমৰ পাছত এইবাৰ প্ৰজ্ঞানে দেখুৱাব ন ন চমক, ১৪ দিন ধৰি চন্দ্ৰক নিৰীক্ষণ কৰিব প্ৰজ্ঞানে, চন্দ্ৰপৃষ্ঠত ভাৰতীয় ত্ৰিৰংগা, অশোক স্তম্ভ আৰু ইছৰ'ৰ ল'গ অংকন হ'ব

moon 2

Chandrayaan-3 Landing On The Moon:

২৩ আগষ্টৰ বুধবাৰে সন্ধিয়া ৬.০৪ বজাত ইতিহাস সৃষ্টি কৰি চন্দ্ৰত সফলতাৰে অৱতৰণ কৰে চন্দ্ৰযান-৩ -এ । ইয়াৰ পাছতে আজি বৃহস্পতিবাৰে চন্দ্ৰযান-৩ ৰোভাৰখন লেণ্ডাৰৰ পৰা তললৈ নামি আহে।

ছয় চকীয়া ৰবট ৰোভাৰ প্ৰজ্ঞানে ১৪ দিন ধৰি চন্দ্ৰপৃষ্ঠৰ বিভিন্ন স্থান ভ্ৰমণ কৰি চন্দ্ৰক নিৰীক্ষণ কৰাৰ লগতে বিভিন্ন ফটোগ্ৰাফ সংগ্ৰহ কৰিব ৷

উল্লেখ্য যে,লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ চাৰি ঘণ্টা পিছত প্ৰজ্ঞান বাহিৰলৈ ওলাই আহে। প্রজ্ঞান ১ ছেণ্টিমিটাৰ প্ৰতি ছেকেণ্ড গতিবেগত চলিব। কেমেৰাৰ সহায়ত ৰ’ভাৰে চন্দ্ৰত থকা সামগ্ৰীৰ স্কেনিং কৰিব ৷

প্ৰজ্ঞানৰ চকাবোৰে চন্দ্ৰৰ মাটিত অশোক স্তম্ভ আৰু ইছৰোৰ ল’গ আভাস এৰি দিব। তেতিয়া ‘বিক্ৰম’ লেণ্ডাৰে ‘প্ৰজ্ঞান’ৰ ফটো তুলিব আৰু প্ৰজ্ঞানে বিক্ৰমৰ এখন ফটো তুলিব। তেওঁলোকে এই ফটোবোৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব।

মনকৰিবলগীয়া যে,চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰত গৱেষণা কৰিব বিক্ৰম’ লেণ্ডাৰ আৰু ‘প্ৰজ্ঞানে। উল্লেখযোগ্য চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ১৪ দিনৰ সমান।

দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত ৰভাৰৰ কামটো শেষ কৰিবলৈ মাত্ৰ ১৪ দিন থাকিব । এই সময়ছোৱাত চন্দ্ৰত সূৰ্যৰ পোহৰ থাকিব আৰু দুয়োটাই সৌৰ শক্তি লাভ কৰি থাকিব ।

১৪ দিনৰ পিছত দক্ষিণ মেৰুত এন্ধাৰ হ’ব । তেতিয়া লেণ্ডাৰ আৰু ৰোভাৰ দুয়োটাই কাম কৰা বন্ধ কৰিব।

একেদৰে প্রজ্ঞানে চন্দ্ৰৰ জলবায়ুৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিব ৷ যাৰবাবে ইছৰোৱে পে’লোড লগাই দিছে প্রজ্ঞানত ৷

ইয়াৰ জৰিয়তে চন্দ্ৰপৃষ্ঠৰ বিষয়ে অধিক তথ্য প্ৰেৰণ কৰিব পাৰিব । ৰভাৰে চন্দ্ৰপৃষ্ঠত থকা আয়ন আৰু ইলেক্ট্ৰনৰ পৰিমাণো চিনাক্ত কৰিব।

আনহাতে ইছৰ’ৰ মৰব্বী এছ সোমনাথে কয় যে চন্দ্ৰপৃষ্ঠত ১৪ দিনত প্ৰজ্ঞানে কিমান দূৰ অতিক্ৰম কৰিব সেয়া এতিয়াই একেষাৰেই ক’ব নোৱাৰি ৷

অৱশ্যে ১৪ টা দিনত গুৰুত্বপূৰ্ণ বহু তথ্য সংগ্ৰহ কৰিব ৷ লেণ্ডাৰ আৰু ৰ’ভাৰত পাঁচটা বৈজ্ঞানিক পে’লোড আছে যাক লেণ্ডাৰ মডিউলৰ ভিতৰত ৰখা হৈছে। লেণ্ডাৰ আৰু ৰ’ভাৰ দুয়োৰে জীৱন কাল একেই বুলি সদৰি কৰে ইছৰ’-এ ৷

চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণ কৰাৰ লগে লগে বৈজ্ঞানিক প্ৰয়োগ কৰাৰ বাবে ৰ’ভাৰে এক নতুন দিশৰ সূচনা কৰিলে বুলি মন্তব্য কৰি ইছৰ’-এ কয়,অনাগত দিনত চন্দ্ৰপৃষ্ঠৰ বহু দিশ গৱেষণাৰ সমল হ’ব ৷

Exit mobile version