Guwahati HIGH Court Guilt-free Six Accused In Dhemaji Bomb Blast:
ADVERTISEMENT
১৯ বৰ্ষৰ পূৰ্বে ২৯০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোত ধেমাজিত দিৱসৰ কাৰ্যসূচী চলি থকা অৱস্থাত আলফাই সংঘটিত কৰিছিল বোমা বিস্ফোৰণ ৷ সেই বিস্ফোৰণত নিহত হৈছিল ফুলকুমলীয়া শিশু- মহিলা সহ ১৮জনকৈ নিৰীহ ব্যক্তি আৰু আহত হয় ৪০ ৷
সেই বোমা বিস্ফোৰণৰ স’তে জড়িত থকা সকলো অভিযুক্তক বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে।
সেই অনুসৰি ২৪ জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে। আজি ন্যায়াধীশে উল্লিখিত গোচৰৰ চুড়ান্ত ৰায়দান কৰি ছয় অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে ৷
দেশ কপাই যোৱা আলফাৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ এই কাণ্ডৰ দোষ স্বীকাৰ কৰি ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰে ঘটনা সংঘটিত হোৱাৰ পাঁচ বছৰৰ পাছত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানত অসন্তুষ্টি প্ৰকাশ কৰে এ আই ইউ ডি এফৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে ৷ আৰক্ষীৰ দুৰ্বল চাৰ্জছীটৰ বাবেই অভিযুক্ত দোষমুক্ত হ’ল বুলি মন্তব্য কৰি এই ৰায়দানৰ বিৰুদ্ধে অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ত আপিল কৰিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷