Mizoram Railway Bridge Collapse 26 Dead:
চুবুৰীয়া পাৰ্বত্য ৰাজ্য মিজোৰামত বুধবাৰে ছাইৰাং অঞ্চলত সংঘটিত নিৰ্মীয়মাণ ৰে’লৱে দলং খহি মৃত্যুৰ সংখ্যা আজি বৃদ্ধি পায় ২৬ জনলৈ ৷
ছাইৰাং অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ,এন ডি আৰ এফৰ লগ
উল্লেখ্য যে,বুধবাৰে পাহাৰীয়া ৰাজ্য খনৰ অতি দুৰ্গম ছাইৰাঙত নির্মীয়মান ৰেলৱে দলং ভাঙি পৰি কমেও ২২ জন লোকৰ মৃত্যু হয়। ৰে’ল বিভাগ আৰু আৰক্ষী বিষয়াই জনোৱা মতে, নিশা পর্যন্ত ২২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ভাঙি পৰা অঞ্চলৰ পৰা চাৰিটা মৃতদেহ এই পর্যন্ত উদ্ধাৰ হোৱা নাই। আইজলৰ পৰা ২১ কিলোমিটাৰ নিলগৰ ছাইৰাম অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কমিটী গঠন কৰিছে ৰে’ল বিভাগে।
এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশৰ লগতে মৃতকৰ পৰিয়ালক দুই লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে। আনহতসকলক ৫০ হেজাৰকৈ আদায় দিয়া হ’ব। তদুপৰি দুই লাখ টকাকৈ প্ৰধানমন্ত্ৰীৰ পুঁজিৰ পৰাও এককালীন সাহায্য দিয়া হ’ব।
আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত তেওঁ গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মন কৰিবলগীয়া যে উদ্ধাৰ অভিযানত সাহায্য কৰিবলৈ বৃহৎ সংখ্যক লোক ওলাই আহে আৰু সেইসকলৰ প্ৰতিও মুখ্যমন্ত্রীজনে কৃতজ্ঞতা প্রকাশ কৰে।
আনহাতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে তেওঁ মিজোৰামৰ ৰাজ্যপাল হৰিবাবু কন্তুমপতি আৰু মুখ্যমন্ত্ৰী জোৰামথাংগা স’তে মতবিনিময় কৰি দুৰ্ঘটনাৰ বুজ লৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ৷