Arunachal’s Parashuram Kunda Incident:
চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত সন্ধানহীন কাকপথাৰৰ তিনিজন লোক ৷ লোহিত জিলাৰ ঐতিহ্যাসিক পৰশুৰাম কুণ্ড দৰ্শন বাবে গৈছিল কাকপথাৰৰ ব্যৱসায়ী মনোজ শ্বাহ, পত্নী সুভা শ্বাহ আৰু মাতৃ লীলাৱতী দেৱী।
ADVERTISEMENT
আজি পুৱা কুণ্ড দৰ্শন কৰি গা- ধুবলৈ গৈ নদীত সন্ধানহীন হয় একে পৰিয়ালৰ তিনিজনীয়া পৰিয়ালটি ৷ এই মৰ্মান্তিক খবৰে শোকাহত কৰি তুলিছে সমগ্ৰ কাকপথাৰত ৷
ইতিমধ্যে লোহিত জিলা প্ৰশাসনে তিনিজনীয়া পৰিয়ালটিৰ সন্ধানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলৰ জৰিয়তে পৰশুৰাম কুণ্ডত অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
শেহতীয়া খবৰ অনুসৰি এই মৰ্মান্তিক খবৰ লাভ কৰাৰ পাছতে দুৰ্ভগীয়া পৰিয়ালটিৰ পৰিয়ালৰ লোক কাকপথাৰৰ পৰা গৈ পৰুশুৰাম কুণ্ডত উপস্থিত হৈছেগৈ ৷