Chandrayaan-3:
বুধবাৰে নিশা ইতিহাস খোদিত কৰি চন্দ্ৰযান–৩ জোনবাইৰ বুকুত সফলতাৰে অৱতৰণ কৰাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’-এ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত সকলো ভিডিঅ’আৰু তথ্য আনুষ্ঠানিকভাৱে চেয়াৰ কৰিছে ৷
উল্লেখ্য যে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ একমাত্ৰ দেশ হোৱাৰ খিতাপ অৰ্জন কৰা ভাৰতৰ চন্দ্ৰযান–৩ৰ লেণ্ডাৰ বিক্ৰমৰ ছফ্ট লেণ্ডিঙৰ পিছত লেণ্ডাৰ বিক্ৰমৰ পৰা ৰ’ভাৰ প্ৰজ্ঞানে ক্ৰমান্বয়ে নামি আহি চন্দ্ৰপৃষ্ঠত খোজ দিয়া আৰম্ভ কৰিছে । ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত খোজ দিয়া সমগ্ৰ দৃশ্যৰাজি কেমেৰাত বন্দী কৰিছে লেণ্ডাৰ বিক্ৰমে ৷
ইতিমধ্যে ইছৰ’ৱে মাইক্ৰ’ ব্লগিং ছাইট ‘X’ত নতুন আপডেট শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ভিডিঅ’ত দেখা গৈছে প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত নমাৰ লগে লগে তাৰ চকাৰ চাপ ৰৈ যোৱা দেখা গৈছে।
মনকৰিবলগীয়া যে,ৰ’ভাৰে চন্দ্ৰপৃষ্ঠৰ যি যি স্থান পৰিদৰ্শন কৰিব সকলো স্থানতে ৰ’ভাৰৰ চকাই ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ আৰু ইছৰোৰ প্ৰতীক চিহ্নৰ ছাপ এৰি যাব।
চন্দ্ৰযান–৩ৰ শেহতীয়া প্ৰতিটো গতিবিধি ইছৰোৱে তন্নতন্নকৈ নিৰিক্ষণ কৰি তাৰ আপডেট টুইটাৰ মিডিয়া হেণ্ডেলত অৱগত কৰি গৈছে৷
শুক্ৰবাৰে লেণ্ডাৰ মডিউল পে’লোড ইলছা,ৰম্ভা আৰু চি এইছ এএছটিই আৰু ৰ’ভাৰ ম’বিলিটী অপাৰেচন আৰম্ভ হৈছে। ইতিমধ্যে দেওবাৰেই প্ৰপালচন মডিউলত শ্বেপ পে’লোড আৰম্ভ কৰা হৈছিল।
আজি দেশৰ মহাকাশ গৱেষণা সংস্থাটোৱে বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ঠিক প্ৰাকমুহূৰ্তত ইমেজৰ কেমেৰাৰে তোলা কিছু ফটোও চেয়াৰ কৰিছে ৷






























