ISRO:✒️যোৱা বছৰ ইটোৰ পাছত সিটো সফল উৎক্ষেপণে দেশবাসীক গৌৰৱান্বিত কৰা ইছৰোৱে নতুন বছৰৰ আৰম্ভণিতেই সন্মুখীন হ’ল এক ডাঙৰ বাধাৰ। সোমবাৰে পুৱা শ্ৰীহৰিকোটাৰ পৰা পিএছএলভি–চি৬২ ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল মুঠ ১৬খন কৃত্ৰিম উপগ্ৰহ।
উৎক্ষেপণৰ আৰম্ভণিত সকলো ঠিকঠাক থাকিলেও তৃতীয় পৰ্যায়ত হঠাতে যান্ত্ৰিক ত্ৰুটি দেখা দিয়ে। ফলস্বৰূপে ১৬খন উপগ্ৰহ মহাশূন্যতেই হেৰাই যোৱাৰ আশংকা প্ৰকাশ পাইছে।
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে জনায় যে অভিযানটো এতিয়ালৈকে আনুষ্ঠানিকভাৱে বিফল বুলি ঘোষণা কৰা হোৱা নাই। সমস্যাৰ কাৰণ চাই পাছত সকলো তথ্য ৰাজহুৱা কৰা হ’ব।
অৱশ্যে মহাকাশ বিশ্লেষকসকলৰ মতে, তৃতীয় পৰ্যায়ত ৰকেট বিফল হ’লে সেই অভিযান সাধাৰণতে বিফল বুলিয়েই গণ্য কৰা হয়।
উল্লেখযোগ্য যে এই অভিযানত আছিল ডিআৰডিঅ’ৰ দ্বাৰা নিৰ্মিত ‘অন্বেষা’ নামৰ গুৰুত্বপূৰ্ণ কৃত্ৰিম উপগ্ৰহ, যিয়ে সীমান্ত অঞ্চলত শত্রুপক্ষৰ গতিবিধি নিৰীক্ষণত সহায় কৰাৰ কথা আছিল। কিন্তু বৰ্তমান সেই চেটেলাইটো মহাকাশতেই হেৰাই যোৱাৰ আশংকা কৰা হৈছে।






























