State BJP Congratulates Assam Government:অসম চৰকাৰক অভিনন্দন ৰাজ্যিক বিজেপিৰ

bhabesh kalita

State BJP Congratulates Assam Government:

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি ৰাজ্য চৰকাৰে আজি ১০০ তম কেবিনেট বৈঠকত গ্ৰহণ কৰা ঘোষণা সমূহক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই যুগান্তকাৰী হিচাপে অভিহিত কৰি আদৰণি জনাইছে।

দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কলিতাই ৰাজ্য চৰকাৰক ১০০ তম কেবিনেট বৈঠক সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনাই কয়, মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ ড০ শৰ্মাই সাপ্তাহিক কেবিনেট বৈঠকৰ কাৰণে প্ৰস্তাৱ লৈ ইয়াক গৃহীত কৰিছিল।

মুখ্যমন্ত্ৰী গৰাকীৰ এনে কাৰ্যই ৰাজ্যৰ উন্নয়নৰ গতিক অধিক তৰাম্বিত কৰাৰ লগতে চৰকাৰখনক জনমুখী কৰি তুলিছে। বিগত দুটা বছৰত কেবিনেটত সিধান্তসমূহৰ যোগেদি ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি সকলো দিশতে বহু কল্যাণকামী সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰা হৈছে ।

নতুনকৈ গঠন হোৱা জিলা কেইখনক আদৰনি জনাই বিবৃতিখনত ৰাজ্যিক বিজেপিয়ে ৮১ খন উপ _জিলা গঠনেৰে প্ৰশাসনক ৰাইজৰ কাষলৈ চপাই নিয়াৰ সুদুৰ প্ৰসাৰী সিদ্ধান্তক আদৰনি জনায়।

Exit mobile version