National Film Award:ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অনুনাদ

rema bora

National Film Award:

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সামাজিক বিষয়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বঁটা লাভ কৰিলে ৰীমা বৰাৰ অনুনাদ– এ ৷ বঁটা লাভ কৰি উৎফুল্লিত ৰীমা বৰা

শীঘ্ৰেই চলচ্চিত্ৰ খন দৰ্শকৰ বাবে মুকলি কৰা হব বুলি জনাইছে পৰিচালক ৰীমা বৰাই । নাৰী নিৰ্যাতন আৰু নাৰীৰ সামাজিক স্থিতিৰ ওপৰত নিৰ্মান কৰা হৈছে ছবিখন।

অসম আৰু হাৰিয়ানাত দৃশ্যগ্ৰহন কৰা হৈছে ছবিখনৰ৷ বিশ্বনাথ চাৰিআলিতো দৃশ্য গ্ৰহন কৰা হৈছিল ছবিখনৰ। বিশ্বনাথৰ বিভিন্ন দল সংগঠনৰ লোক ৰীমা বৰাৰ বাসগৃহত উপস্থিত হৈ জনালে শুভেচ্ছা। বিশ্বনাথৰ জীয়ৰী ৰীমাৰ বৰাৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো ।

Exit mobile version