Tamilnadu Train Fire:
তামিলনাডুত যাত্ৰীবাহী ৰে’লত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ১০ জনকৈ যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ২০ জন যাত্ৰী ৷
উল্লেখ্য যে,শনিবাৰে পুৱা তামিলনাডুৰ মাডুৰাইত লক্ষ্মৌ- ৰামেশ্বৰম ভাৰত গৌৰৱ এক্সপ্ৰেছৰ এটা প্ৰাইভেট পাৰ্টী ক’ছতগেছ চিলিণ্ডাৰ হঠাতে বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।
জানিব পৰা ডবাটোত থকা যাত্ৰীসকল তীৰ্থ যাত্ৰাৰ বাবে গৈ আছিল ৷তেওঁলোকে অবৈধভাৱে লৈ গৈছিল এটা গেছ চিলিণ্ডাৰ ৷ শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত দক্ষিণ ৰে’লৱেৰ জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হোৱাৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত আন ডবালৈ বিয়পিব নোৱাৰিলে ৷ আনহাতে অগ্নিদগ্ধ মৃতদেহ সমূহৰ মৰনোত্তৰ পৰীক্ষা আৰু আহত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰে মাডুৰাই আৰক্ষীয়ে ৷
উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা ডবাটোৰ অধিকাংশই যাত্ৰীয়েই উত্তৰ প্ৰদেশ অভিমুখে যোৱা তীৰ্থযাত্ৰী ৷
ৰে’লৱে সূত্ৰ এটাই সদৰি কৰা মতে, তীৰ্থযাত্ৰী সকলৰ এজনে লগত নিয়া গেছ ষ্টভত কফি বনোৱাৰ বাবে গেছ জ্বলোৱাৰ সময়তে বিস্ফোৰিত হয় ৰন্ধন গেছৰ চিলিণ্ডাৰটো ৷
আনহাতে ভাৰতীয় ৰে’ল বিভাগে নিহতসকলৰ পৰিয়াললৈ ১০ লাখলৈ টকা ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে ৷ একেদৰে তামিলনাডু চৰকাৰেও দুই লাখ টকাৰ দিয়াৰ কথা সদৰি কৰিছে ৷