Rift in Opposition’s Common Platform ‘India’:বিৰোধীৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়াত’ ফাট !

কংগ্ৰেছক উপেক্ষা কৰি একপক্ষীয় প্ৰাৰ্থী ঘোষণা অখিলেশ যাদৱৰ

akhilessh yadav

Rift in Opposition’s Common Platform ‘India’:

বিৰোধীৰ নৱগঠিত ‘ইণ্ডিয়া’ মৰ্চাত ইতিমধ্যে সংঘাত আৰম্ভ হৈছে। দিল্লীৰ শাসক দল আম আদমী পার্টি (আপ)ৰ স’তে কংগ্ৰেছৰ বিবাদে ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে ।

নির্বাচনমুখী মধ্য প্রদেশতো সমাজবাদী পাৰ্টিৰ স’তে কংগ্ৰেছৰ অনৈক্যৰ প্ৰমাণ পোহৰলৈ আহিল ৷ কংগ্ৰেছৰ স’তে মৰ্চাৰ সন্দৰ্ভত কোনো কথা আলোচনা নকৰাকৈ একপ্ৰকাৰ একপক্ষীয়ভাৱে মধ্য প্ৰদেশৰ চাৰি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিলে অখিলেশ যাদৱৰ সমাজবাদী পার্টিয়ে।

বুণ্ডেলখণ্ড আৰু চম্বল-গোৱালিয়ৰৰ চাৰিটা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰিলে অখিলেশে ৷ যোৱাবাৰৰ বিধানসভাৰ নিৰ্বাচনত মধ্য প্ৰদেশৰ ২৩০ সমষ্টিৰ এটাত জয়লাভ কৰিছিল সমাজবাদী পার্টিয়ে।

‘ইণ্ডিয়া’ মৰ্চাৰ অংশীদাৰ হোৱাৰ পাছতো কংগ্ৰেছৰ স’তে কোনো আলোচনা নকৰাকৈ মধ্য প্ৰদেশৰ চাৰি সমষ্টিৰ বাবে সমাজবাদী পার্টিয়ে ইতিমধ্যেই দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ।

Exit mobile version