Taslima Takes a dig at Pakistan- Bangladesh over Chandrayaan:ভাৰতৰ চন্দ্ৰযান সাফল্যত তছলিমাই ক’লে, পাকিস্তান-বাংলাদেশে এশ বছৰতো পাৰিব নে?

taslima

Taslima Takes a dig at Pakistan-Bangladesh over Chandrayaan:

২০১৯ৰ ব্যৰ্থতা অতিক্ৰম কৰি এইবাৰ মহাকাশ বিজ্ঞান গৱেষণাৰ ইতিহাসত নতুন অধ্যায় সৃষ্টি কৰি ভাৰতৰ চন্দ্ৰযান-৩ অভিযান সফল হ’ল । ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’)ৰ এই সফলতাত বিশ্বৰ বিভিন্ন দেশে শুভেচ্ছা জ্ঞাপন কৰিছে। স্বনির্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে চন্দ্ৰযান-৩ৰ অভিযানৰ সফলতাত ভাৰতক শুভেচ্ছা জ্ঞাপনৰ লগতে পাকিস্তান আৰু বাংলাদেশক তীব্র কটাক্ষ কৰিলে।

সামাজিক মাধ্যমত তছলিমাই এইদৰে লিখিলে, অনেকে ক’ব, কিমান দাৰিদ্ৰই খাবলৈ নাপায়, কিমান মানুহৰ ঘৰত শৌচাগাৰ নাই; কি প্ৰয়োজন চন্দ্ৰলৈ গৈ ইমান ধন খৰচ কৰাৰ? ম‍ই ক’ম, বিজ্ঞানৰ অগ্ৰগতিৰ প্ৰয়োজন সকলো সময়তে। একে সময়তে দাৰিদ্ৰও দূৰ কৰা প্ৰয়োজন।

একে সময়তে শিক্ষা, স্বাস্থ্য আৰু সচেতনতা বৃদ্ধিও জৰুৰী।’ বিতর্কিত লেখিকাগৰাকীয়ে লগতে কয় যে ভাৰতে বিজ্ঞান গৱেষণাত অগ্ৰাধিকাৰ দি সফলতা অৰ্জন কৰাৰ বিপৰীতে কোৰানতে নিমগ্ন আছে বাংলাদেশ আৰু পাকিস্তান।

তছলিমাই ক’লে, ভাৰতৰ এসময়ৰ অংগ বাংলাদেশ আৰু পাকিস্তানে আগন্তুক ১০০ বছৰতো চন্দ্ৰত ভৰি দিবলৈ সক্ষম হ’ব নে ? নহয়। তেওঁলোকে ধৰ্মত ডুবি আছে | বিজ্ঞানক দূৰতে ৰাখিছে। কোৰানেই হেনো তেওঁলোকৰ বিজ্ঞান। যিমান দিনলৈ কোৰানে তেওঁলোকক বিজ্ঞান শিকাব, তেতিয়ালৈকে তেওঁলোকৰ দৌৰ মছজিদ পর্যন্ত, চন্দ্র বা মঙল গ্রহ পর্যন্ত নহ’ব।’

Exit mobile version