Arunachal is again included on the map of China:আগ্ৰাসী চীনৰ নতুন অভিসন্ধি

চীনৰ নতুন মানচিত্ৰত সমগ্ৰ অৰুণাচল প্ৰদেশ, পুনৰ আনুষ্ঠানিকদাবী ৰঙাচীনৰ, চীনৰ ষ্টেণ্ডাৰ্ট মেপ চাৰ্ভিচেজৰ ৱেবছাইটত জাৰি নতুন মানচিত্ৰ

china map

Arunachal is again included on the map of China:

আগ্ৰাসী চীনৰ নতুন অভিসন্ধি ৷ চীনৰ নতুন মানচিত্ৰত সমগ্ৰ অৰুণাচল নিজৰ বুলি আনুষ্ঠানিক দাবী ৰঙাচীনৰ ৷ চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠানত জাৰি কৰা হয় নতুন মানচিত্ৰ ৷

নতুন মানচিত্ৰখনে ইয়াৰ পশ্চিম সীমাত থকা টাইৱান, বিবদমান দক্ষিণ চীন সমুদ্ৰকো অন্তৰ্ভুক্ত কৰিছে ৷

দেশখনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে প্ৰকাশ কৰা মানচিত্ৰখনৰ বিষয়ে প্ৰতিবেদনত কোৱা হৈছে পূৰ্বৰ মানচিত্ৰসমূহৰ দৰে  টাইৱানৰ পূবত এটা “দশম ডেছ” স্থাপন কৰা হৈছে,| যি দ্বীপটোৰ ওপৰত বেইজিংৰ দাবীৰ কথা উল্লেখ কৰিছে।’

চীন চৰকাৰৰ মালিকানাধীন ইংৰাজী বাতৰি পৰ্টেল চাইনা ডেইলীয়ে চীনৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মুখ্য পৰিকল্পনাকাৰী উ ৱেনজহঙৰ উদ্ধৃতি দি কৈছে যে “জৰীপ, মেপিং আৰু ভৌগোলিক তথ্যই ৰাষ্ট্ৰৰ বিকাশ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে…”।

উল্লেখ্য যে,চলিত বৰ্ষৰ এপ্ৰিলমাহত চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে কেনেদৰে “জাংনাম”ত ১১ টা স্থানৰ বাবে নতুন নাম মুকলি কৰিছিল ৷ যি হৈছে অৰুণাচল প্ৰদেশৰ বাবে চীনা নাম। ছয় বছৰৰ ভিতৰত এইটো তৃতীয়বাৰৰ বাবে চীনে অৰুণাচল প্ৰদেশৰ ভৌগোলিক বৈশিষ্ট্যৰ বাবে চীনা নাম ঘোষণা কৰিছে ৷

আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চীনৰ এই নতুন অভিসন্ধিক “সম্পূৰ্ণৰূপে” প্ৰত্যাখ্যান কৰে।

Exit mobile version