Jorabat Police Heroin Sezied:যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

হেৰ'ইন সহ সৰবৰাহকাৰীক আটক

drugs paddler arest n1

Jorabat Police Heroin Sezied:

মহানগৰীৰ উপকন্ঠ যোৰাবাট আৰক্ষীয়ে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে আঠমাইল গণেশ মন্দিৰৰ সমীপত আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰী ৷

ধৃত সৰবৰাহকাৰীটোৰ পৰা প্ৰায় ১৯ গ্ৰাম নিষিদ্ধ ঘোষিত হেৰ’ইন জব্দ কৰে ৷ তিনিটা চাবোনৰ বাকচত মেঘালয়ৰ পৰা গুৱাহাটী মহানগৰীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে লৈ আনিছিল সৰবৰাহকাৰীটোৱে ৷

ধৃত সৰবৰাহকাৰীটোৰ নাম আচিফ আলি ওৰফে মিন্টু ৷ ঘৰ মহানগৰীৰ বিৰুবাৰীত। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰিছে ৷

Exit mobile version