New Born Baby Recovered In Jorhat:যোৰহাটত এহাল দম্পতীৰ কাণ্ড !

পথেদি যোৱা কিশোৰৰ হাতত নৱজাতকক গতাই পলায়ন দম্পতীৰ

new born baby recovered

New Born Baby Recovered In Jorhat:

পথৰ দাঁতিত বা অনাথ আশ্ৰমত নৱজাতকক এৰি থৈ যোৱা ঘটনা সকলোৱে নিশ্চয় শুনিছে বা দেখিছে ৷ কিন্তএইবাৰ বিপৰীত চিত্ৰ এখন দেখা গ’ল যোৰহাটৰ লিচুবাৰীত ৷

বৃহস্পতিবাৰে পুৱা পথেদি খোজকাঢ়ি গৈ থকাএটি কিশোৰৰ হাতত হঠাতে এহাল দম্পতীয়ে এটি টোপোলা দি আঁতৰি যায় ৷ পাছত টোপোলাটো দেখি আচৰিত কিশোৰটি ৷ কিয়নো টোপোলাটোত আছে এটি সদ্যোজাত শিশু

প্ৰাপ্ত খবৰ অনুসৰি ,বৃহস্পতিবাৰে পুৱা ভাগত যোৰহাটৰ লিচুবাৰীত স্কুটীত অহা এহাল পুৰুষ-মহিলাই হঠাতে পথৰ কাষেৰে গৈ থকা এটি কিশোৰৰ কাষত ৰয় ৷ কিশোৰটিক কাপোৰৰে মেৰিয়াই থোৱা টোপোলা এটি স্কুটিত অহা মহিলা গৰাকীয়ে
কিছু সময়ৰ বাবে ধৰিবলৈ দি হঠাতে সেই স্থান ত্যাগ কৰি পলায়ন কৰে ৷ টোপোলাটো খুলি এটি নৱজাতক দেখি হতচকিত হৈ পৰে ৷

পাছত কিশোৰটিয়ে নিজৰ ঘৰলৈ আহি সমস্ত বিষয়টি অৱগত কৰি স্থানীয় লোকৰ স’তে লিচুবাৰী আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে নৱজাতক শিশুটি জিন্মাত লৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

অচিনাক্ত দম্পতীহালৰ অমানবীয় কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে লিচুবাৰী অঞ্চলত ৷ আৰক্ষীয়ে শিশুটিৰ অভিভাৱক দম্পতীহালৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত

Exit mobile version